ETV Bharat / state

অখিল গগৈক মুক্তিৰ দাবীত চিপিআই (এমএল)ৰ 24 ঘণ্টীয়া অনশন - অনশন

বিশ্বনাথত চিপিআই (এমএল) দলৰ 24 ঘণ্টীয়া অনশন কাৰ্যসূচী ৷ অখিল গগৈসহ সকলো কা বিৰোধী নেতাক মুক্তি দিয়াৰ লগতে ক’ভিড-19ত আক্ৰান্ত হৈ থকা কৃষক নেতাগৰাকীক উন্নত চিকিৎসা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷

CPI (ML) protest
বিশ্বনাথত চিপিআই (এমএল)ৰ 24 ঘণ্টীয়া অনশন
author img

By

Published : Jul 16, 2020, 10:54 AM IST

বিশ্বনাথ, 16 জুলাই : কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত সমগ্ৰ অসমতে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিশ্বনাথতো 24 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে বিশ্বনাথ জিলা চিপিআই (এমএল) দলে ৷

বুধবাৰে দুপৰীয়া 12 বজাৰ পৰা অব্যাহত ৰখা এই অনশন কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে চিপিআই (এমএল)ৰ কেন্দ্ৰীয় নেতা বিবেক দাসে ৷ প্ৰতিবাদৰ জৰিয়তে দলটোৱে অখিল গগৈসহ সকলো কা বিৰোধী নেতাক মুক্তি দিয়াৰ লগতে ক’ভিড-19ত আক্ৰান্ত হৈ থকা কৃষক নেতাগৰাকীক উন্নত চিকিৎসা প্ৰদানৰ দাবী জনায় ।

আনহাতে, ইটিভি ভাৰতৰ সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত কেন্দ্ৰীয় নেতা বিবেক দাসে কয় যে, ‘‘গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বৰ্তমান ক’ভিড-19ৰ চিকিৎসা কৰিবলৈ উন্নত মানৰ খাদ্য আৰু বিচনা নাই ৷ গতিকে, অতি শীঘ্ৰেই হাস্পতালত চৰকাৰ তথা স্বাস্থ্য বিভাগে খাদ্য আৰু বিচনাৰ যোগান ধৰিব লাগে ৷’’

অখিল গগৈক মুক্তিৰ দাবীত চিপিআই (এমএল)ৰ প্ৰতিবাদ

লগতে তেওঁ কয় যে, ‘‘অখিল গগৈসহ কা বিৰোধী নেতাসকলক কাৰাগাৰত ৰখাৰ পাচত কেনেকৈ তেওঁলোক ক’ভিড-19ত আক্ৰান্ত হ’ল, ইয়াৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য বিভাগ জগৰীয়া ৷ অসম আৰক্ষীক অচিৰেই ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান জনায় কেন্দ্ৰীয় নেতাগৰাকীয়ে ।’’

ভাৰত চৰকাৰে অসমৰ গহপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰ নদীৰ তলেৰে চীনতকৈ বৃহৎ যি সুৰংগ নিৰ্মাণ কৰাৰ সংকল্প হাতত লৈছে, সেই সন্দৰ্ভত নেতাগৰাকীয়ে কয় যে, ‘‘পৃথিৱীৰ ভিতৰতে আৰু 2020 চনত আটাইতকৈ ফাঁকিবাজ হৈছে মোদী চৰকাৰ । অসম চৰকাৰে ইতিমধ্যে 60 হাজাৰতকৈ অধিক নিবনুৱাৰ বিপদ মাতি আনিছে ।’’

বিশ্বনাথত চিপিআই (এমএল)ৰ 24 ঘণ্টীয়া অনশন

উল্লেখ্য যে, বৃহস্পতিবাৰে দুপৰীয়া 12 বজাত দলটোৰ এই অনশন কাৰ্যসূচীৰ অন্ত পৰিব ৷

লগতে পঢ়ক : ডাকঘৰৰ পৰাও হৰলুকী হৈছে গ্ৰাহকৰ ধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.