ETV Bharat / state

Assam-Arunachal border issue: বিজেপিয়ে অৰুণাচলীৰ হাতত অসমৰ ভূমি চমজাই দিয়াৰ পৰিকল্পনা কৰিছে: চি পি আই এম এল - CPI ML press meet on Assam Arunachal border issue

অসম অৰুণাচল সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে গঠন কৰা সমিতিক লৈ সন্তুষ্ট নহয় চিপিআই এমএল(Assam Arunachal border issue) ৷ সীমা সমস্যা সমাধানৰ দাবীত কেইবাবছৰে আন্দোলন কৰি অহা দল-সংগঠনৰ পৰিবৰ্তে চৰকাৰে প্ৰতিনিধি হিচাপে চৰকাৰী পক্ষ মানুহ লোৱাৰ অভিযোগ বাওপন্থী সংগঠনটোৰ ৷

Assam Arunachal border issue
বিজেপি চৰকাৰে অৰুণাচলী হাতত অসমৰ ভূমি চমজাই দিয়াৰ পৰিকল্পনা কৰিছে
author img

By

Published : Oct 16, 2022, 10:54 PM IST

বিহালী ১৬ অক্টোবৰ: বিশ্বনাথ জিলাৰ গহপুৰ আৰু বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী আৰু চেঙেলীজান সংৰক্ষিত বনাঞ্চল দুখনত অৰুণাচলৰ অবৈধ বেদখল(Arunachal Illegal encroachment in Assam land) আৰু সীমাৰ বহু পুৰণি জলন্ত সমস্যা সম্পৰ্কে দেওবাৰে এখনি সংবাদমেলৰ আয়োজন কৰে চিপিআই(এম-এল) বিশ্বনাথ জিলা সমিতিয়ে ৷ চি পি আই এম এলৰ নেতা বিবেক দাসে(CPI-ML leader Vivek Das) সংবাদমেলত কয় যে বিশ্বনাথ জিলাৰ বিহালী আৰু চেঙেলীজান সংৰক্ষিত বনাঞ্চলৰ অসমৰ কেইবাশ হেক্টৰ মাটি ইতিমধ্যে অৰুণাচলী লোকে অবৈধভাৱে বেদখল কৰি প্ৰকৃত সীমাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ অসমৰ সীমাৰ ভিতৰলৈ সোমাই আহিছে(Assam Arunachal border issue) ।

চি পি আই এম এলৰ নেতা বিবেক দাস

এনে বেদখলৰ ধাৰাবাহিকতা ৰোধ কৰি অসমৰ মাটি আৰু বনাঞ্চল সুৰক্ষাৰ উদ্দেশ্যেৰে অসমৰ ভুমিপুত্ৰ কৃষকসকলে বিহালী সংৰক্ষিত বনাঞ্চলৰ(Behali Reserve Forest) চাউলধোৱাত মানৱ বেৰ নিৰ্মাণ কৰি অৱস্থান কৰিছিল আৰু উক্ত স্থানত অৰুণাচলী লোকৰ আগ্ৰাসন ৰোধ কৰিবলৈ সক্ষম হৈছিল । তদানীন্তন চৰকাৰৰ সোপাঢিলা নীতি আৰু পলায়নবাদী মনোভাৱৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি অৰুণাচলী বন্দুকধাৰী ঘাতকৰ দলে ২০১৪ চনৰ ২৯ জানুৱাৰীত নিৰ্বিচাৰ গুলিচালনা কৰি ১৫ জন নিৰীহ অসমীয়াক হত্যা কৰাৰ লগতে কেইবাগৰাকী লোকক ঘূণীয়া কৰে ।

ইয়াৰ প্ৰতিবাদত সমগ্ৰ অসমজুৰি ব্যাপক গণ-আন্দোলন আৰম্ভ হয় । যাৰফলত তদানীন্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈ চৰকাৰে তদন্তৰ ভাৰ দেশৰ সৰ্বোচ্চ অনুসন্ধানকাৰী সংস্থা চি বি আইক দিয়াৰ লগতে সীমান্ত অঞ্চলত ৫ টা বিঅ'পি কেম্প নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে ৷ সেইমৰ্মে গগৈ চৰকাৰৰ দিনতেই ৩ টা বিঅ'পি কেম্প নিৰ্মাণ হ'ল । কিন্তু দুৰ্ভাগ্যজনক কথা যে, কংগ্ৰেছ আৰু পৰৱৰ্তী বিজেপি চৰকাৰৰ চাৰে ছয় বছৰীয়া কাৰ্যকালত বাকী থকা ২ টা কেম্প আজিলৈকে নিৰ্মাণ নহ'ল ।

তাতোকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল ১৫ জন অসমীয়া লোকৰ তেজেৰে ৰাঙলী হোৱা চাউলধোৱাত এই চাৰে ছয় বছৰীয়া কাৰ্যকালতে অৰুণাচলীয়ে আগ্ৰাসন অব্যাহত ৰাখি নিজৰ দখললৈ নিয়াৰ উপক্ৰম হৈছে । বৰ্তমান অসম চৰকাৰে অসমৰ লগত থকা অন্য ৰাজ্যৰ সীমা সমস্যাৰ সমাধানৰ বাবে প্ৰচেষ্টা হাতত লৈছে ।

কিন্তু আচৰিত কথা যে, বিশ্বনাথ জিলাত সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে গঠন কৰা সীমা নিৰ্ধাৰণ কমিটিত স্থানীয় বিধায়ক, বিৰোধী দল, সংগঠন, সীমান্তৱৰ্তী অঞ্চলৰ জেষ্ঠ নাগৰিক, স্থানীয় বন বিভাগৰ বিষয়া, সীমা সমস্যা সমাধানৰ দাবীত কেইবা বছৰ ধৰি আন্দোলন কৰি অহা দল-সংগঠনৰ নেতা-কৰ্মী আদি কোনো লোককেই অন্তৰ্ভুক্ত কৰা নাই হোৱা বুলি উল্লেখ কৰে চি পি আই এম এল নেতা বিবেক দাসে ।

দাসে লগতে কয়, অসম চৰকাৰৰ সদিচ্ছাৰ প্ৰতি ৰাইজৰ সন্দেহ উপজাটো স্বাভাৱিক হৈ পৰিছে । কাৰণ এই সীমা সমস্যাৰ ক্ষেত্ৰত চৰকাৰে প্ৰতিনিধি হিচাপে চৰকাৰী পক্ষ মানুহ লৈছে, যাৰ ফলত কোনো দল সংগঠনৰ লোকক সীমা সমস্যা কমিটিত অন্তৰ্ভুক্ত কৰা নাই । বিজেপি চৰকাৰে অৰুণাচলী হাতত অসমৰ ভূমি চমজাই দিয়াৰ বাবে পৰিকল্পনা কৰা বুলি তেওঁ সংবাদমেলত প্ৰকাশ কৰে ।

দাসে লগতে কয় যে, অসম চৰকাৰৰ মন্ত্ৰী- বিধায়ক, জিলা প্ৰশাসনৰ বিষয়া আদি সকলোৰে মুখত “এৰা-ধৰা" শব্দ সঘনাই উচ্চাৰিত হোৱা, অসমৰ মন্ত্ৰী-বিধায়ক তথা বিষয়াসকল “সীমা পৰিদৰ্শন"ৰ নামত আহি অৰুণাচলী লোকে নিজৰ ইচ্ছামতে বনাই লোৱা সীমা পৰিদৰ্শন কৰি উভতি যোৱা, অসমৰ সীমান্তৱৰ্তী ৰাইজৰ লগত কোনো ধৰণৰ বিশ্বাসযোগ্য আলোচনা নকৰি অৰুণাচলী সাধাৰণ লোক আৰু প্ৰশাসনৰ লগত কেইবা ঘন্টা ধৰি আলোচনা কৰা আদি কাৰ্যৰ বাবে সংগঠনসমূহে এই আশংকা কৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰে ৷

তেওঁ লগতে অসমৰ ভূমি অৰুণাচলীৰ হাতত চমজাই দিয়াৰ যি পৰিকল্পনা বিজেপি চৰকাৰে কৰিছে তাৰ বিৰুদ্ধে বিহালী বিভিন্ন দল সংগঠনৰ লগতে অসমবাসী ৰাইজক বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে চি পি আই এম এল নেতা বিবেক দাসে ।

লগতে পঢ়ক: মীমাংসাৰ দিশে অসম অৰুণাচল সীমা বিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.