ETV Bharat / state

প্ৰতাপগড় চাহ বাগিচাৰ লাইনে লাইনে ক’ভিড-19 ৰ সজাগতা সভা - সামাজিক দূৰত্ব বজাই ৰখা

চাহ বাগিচাৰ বাসিন্দা সকলৰ মাজত ক'ভিড মহামাৰী সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ বিশ্বনাথ শাখা সমিতিৰ বিশেষ উদ্যোগ ৷ জিতেন তাঁতীৰ নেতৃত্বত প্ৰতাপগড় চাহ বাগিচাৰ লাইনে লাইনে অনুষ্ঠিত হৈছে ক’ভিড-19 বিৰোধী সজাগতা সভা ৷

বিশ্বনাথৰ প্ৰতাপ গড় চাহ বাগিচাৰ লাইনে লাইনে ক’ভিড-19ৰ সজাগতা সভা

author img

By

Published : May 26, 2021, 10:52 PM IST

বিশ্বনাথ, ২৬ মে’: অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ বিশ্বনাথ শাখা সমিতিৰ উপ-সভাপতি জিতেন তাঁতীৰ নেতৃত্বত প্ৰতাপগড় চাহ বাগিচাৰ লাইনে লাইনে অনুষ্ঠিত হৈছে ক’ভিড-19 ৰ বিৰুদ্ধে সজাগতা সভা ৷

এই সজাগতা সভাৰ জৰিয়তে মহামাৰীৰ লগত কেনেদৰে সজাগ হৈ থাকিব লাগে সেই দিশসমূহ সামৰি সকলো কথা চাহ বাগিচাৰ বাসিন্দাসকলক অৱগত কৰা হয়। তাৰোপৰি মাক্স পৰিধান কৰি ৰখা, সামাজিক দূৰত্ব বজাই ৰখা, ঘনাই ঘনাই চাবোনৰে হাত ধোৱা, বাহিৰৰ পৰা নিজৰ পৰিয়ালৰ মানুহ আহিলে পোনে পোনে ঘৰলৈ নানি বাগিচাৰ চিকিৎসালয়ত ডাক্তৰৰ পৰামৰ্শ লোৱা আৰু তাৰিখ অনুযায়ী বাগিচাৰ চিকিৎসালয়ত ভেকচিন লোৱাৰ পৰামৰ্শ আগবঢ়াই সংগঠনটোৱে ।

আজিৰ এই সজাগতা সভাত উপস্থিত থাকে প্ৰতাপ গড় প্ৰাথমিক গোটৰ সাংগঠনিক সম্পাদক বিমল তাঁতী, প্ৰতাপ গড় উপ-শাখা সমিতিৰ উপ-সভাপতি বিজয় ভূমিজ, সমাজ সেৱক ৰাজেন নায়ক, অজিত গোৱালা, স্থানীয় বাগিচাৰ শিক্ষক সন্তোষ ঠাকুৰ, হৰেন কুৰ্মী, প্ৰনৱ সন্দিকৈ, লাইন চকীদাৰ ৰাজু মাঝি, স্থানীয় বাগিচাৰ স্বাস্থ্য বিভাগৰ আশা কৰ্মী বিমলা মাঝিৰ লগতে আটছাৰ কৰ্মকৰ্তা সকল ।

লগতে পঢ়কঃ সম্পূৰ্ণ হোৱাৰ পথত বিশ্বৰ অন্যতম পথ সংযোগী সুৰংগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.