ETV Bharat / state

বিক্ৰী নাই : খাৰৈ নৈত গাখীৰ ঢালিলে দুগ্ধ উৎপাদকে

author img

By

Published : May 22, 2021, 12:06 PM IST

Updated : May 22, 2021, 2:23 PM IST

গহপুৰ মহকুমাৰ ভিতৰতে সৰ্বাধিক ক'ৰণাত আক্ৰান্ত এলেকাত পৰিণত হোৱা গমিৰিৰ কেইবাটাও অঞ্চলক মাইক্ৰ’ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ পিচতে নিস্তব্ধ হৈ পৰিছে অঞ্চলটোৰ সাধাৰণ লোকৰ জনজীৱন । লিটাৰে লিটাৰে গাখীৰ, দৈ,পনীৰকে ধৰি দুগ্ধজাত মিঠাইসমূহ ব্ৰহ্মপুত্ৰৰ সুঁতি খাৰৈ নৈত পেলাবলগীয়া হৈছে গহপুৰৰ গমিৰিৰ দুগ্ধ পালকে ।

Corona inpact at gohpur
গহপুৰত ব্ৰহ্মপুত্ৰৰ নদীত লিটাৰে লিটাৰে পেলাবলগীয়া হৈছে দুগ্ধজাত সামগ্ৰী

বিশ্বনাথ, ২২ মে' : গহপুৰৰ গমিৰিত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে দুগ্ধ উৎপাদক সমবায় সমিতিৰ । লিটাৰে লিটাৰে গাখীৰ, দৈ,পনীৰকে ধৰি দুগ্ধজাত মিঠাইসমূহ ব্ৰহ্মপুত্ৰৰ সুঁতি খাৰৈ নৈত পেলাবলগীয়া হৈছে গহপুৰৰ গমিৰিৰ দুগ্ধ পালকে । গহপুৰ মহকুমাৰ ভিতৰতে সৰ্বাধিক ক'ৰণাত আক্ৰান্ত এলেকাত পৰিণত হোৱা গমিৰিৰ কেইবাটাও অঞ্চলক মাইক্ৰ’ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ পিচতে নিস্তব্ধ হৈ পৰিছে অঞ্চলটোৰ সাধাৰণ লোকৰ জনজীৱন । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া গাখীৰৰ লগতে দৈ,পনীৰ আৰু দুগ্ধজাত মিঠাইসমূহ খাৰৈ নৈত পেলাবলগীয়া হৈছে ।

বিক্ৰী নাই : খাৰৈ নৈত গাখীৰ ঢালিলে দুগ্ধ উৎপাদকে

উল্লেখ্য যে, গমিৰিৰ শতাধিক পৰিয়াল এই দুগ্ধ ব্যৱসায়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে । দুগ্ধ উৎপাদক সমবায় সমিতিয়ে চৰকাৰক এই দুৰ্যোগৰ সময়ত কিঞ্চিৎ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্ত

Last Updated : May 22, 2021, 2:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.