ETV Bharat / state

Congress criticized BJP MLA: পবিত্ৰ গাংমৌ থানক শ্মশানস্থলীৰ লগত তুলনা কৰিছে বিজেপিয়ে

author img

By

Published : Aug 11, 2022, 5:14 PM IST

ভাৰতীয় জাতীয় কংগ্ৰেছে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপুৰ্তি (75th Anniversary of Independence) উপলক্ষে বিহালী সমষ্টিত বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু বিহালী সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ সহযোগত ৰূপায়ন কৰা হয় এক কাৰ্যসূচীৰ ৷ এই কাৰ্যসূচীত উপস্থিত থাকি কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকনে বিজেপি বিধায়ক দিগন্ত কলিতাৰ লগতে বিজেপি দলটোক কটু সমালোচনা কৰা পৰিলক্ষিত হয় ৷

75th Anniversary of Independence
শংকৰদেৱে প্ৰতিষ্ঠা কৰা গাংমৌথানক শ্মশানস্থলীৰ লগত তুলনা কৰিছে বিজেপিয়ে : বৰ্ণালী ফুকন

বিশ্বনাথ, ১১ আগষ্ট : ‘‘ক্ষমতাই মূৰত ধৰিছে বিধায়ক দিগন্ত কলিতাক ৷ ফলত আবোল-তাবোল বকিছে বিধায়কগৰাকীয়ে ৷ ক্ষমতাই মূৰত ধৰাৰ বাবেই বিধায়ক দিগন্ত কলিতা আৰু বিজেপিৰ একাংশ লোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা পবিত্ৰ স্থান গাংমৌ থানক শ্মশানথলীৰ লগত তুলনা কৰিছে’’ ৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকনে (Congress spokesperson Bornali Phukan criticized bjp MLA Diganta Kalita) ৷

পবিত্ৰ গাংমৌ থানক শ্মশানস্থলীৰ লগত তুলনা কৰিছে বিজেপিয়ে

উল্লেখ্য যে, ইতিমধ্যে ৰাজ্যজুৰি আৰম্ভ হৈছে কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰা । স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপুৰ্তি উপলক্ষে (75th Anniversary of Independence) ৰাজ্য অন্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো মঙলবাৰৰ পৰা এই গৌৰৱময় যাত্ৰাৰ আৰম্ভনি কৰা হয় প্ৰথম শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ জন্মভূমি গহপুৰৰ সমষ্টিৰ পৰা ৷

আনহাতে, বুধবাৰে বিহালী সমষ্টিত বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু বিহালী সমষ্টিৰ কংগ্ৰেছ কৰ্মী সহযোগত ৰূপায়ন কৰা হয় স্বাধীনতাৰ গৌৰৱময় যাত্ৰা (Congress rally in Biswanath) ৷ বিহালী সমষ্টিৰ ভীমডঙাৰ চেন্টাৰ পৰা দিনৰ ১২ বজাত উলোৱা এই যাত্ৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা পবিত্ৰ গাংমৌথানত সামৰণি পৰে ।

এই কাৰ্যসূচীতে অংশ লৈ বিজেপি বিধায়ক দিগন্ত কলিতাৰ লগতে বিজেপি দলটোক কটু সমালোচনা কৰে কংগ্ৰেছৰ নেত্ৰী বৰ্ণালী ফুকনে । উল্লেখ্য যে, কংগ্ৰেছৰ এই গৌৰৱময় যাত্ৰাত উপস্থিত থাকে বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দিলীপ বৰুৱাক আৰু শতাধিক কংগ্ৰেছ কৰ্মী ৷

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: ত্ৰিপুৰাৰ বনমালিপুৰত বিজেপিৰ মটৰ চাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.