বিশ্বনাথ, ৭ জুন: ৰাজ্যত অব্যাহত আছে হস্তী মানুহৰ সংঘাত ৷ পুনৰ আন এক হস্তী মানুহৰ সংঘাতৰ ঘটনা পোহৰলৈ আহিছে ৰামপুৰৰ ডাঙাৰ পৰা ৷ দেওবাৰে পুৱতি নিশা অসম অৰুণাচল সীমান্ত বিহালী বনাঞ্চল পৰা ওলাই অহা বনৰীয়া হাতীৰ জাক এটাই বিহালী সমষ্টিৰ বৰগাং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰামপুৰৰ ডাঙাত কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে ।
ইফালে ভুক্তভোগী ১০ টা পৰিয়ালৰ কাষত বিধায়ক ৰঞ্জিত দত্তৰ নিৰ্দেশত বৰগাং গাঁও পঞ্চায়ত সভাপতিৰ নেতৃত্বত যোৱা এটা পঞ্চায়ত প্ৰতিনিধি দলে কিছু আৰ্থিক সাহাৰয্য প্ৰদান কৰে উক্ত ভুক্তভোগী পৰিয়ালক ।
লগতে পঢ়ক: গৰাখহনীয়া নিয়ন্ত্ৰণক অসম চৰকাৰে অগ্ৰাধিকাৰ দিব : পীযুষ হাজৰিকা