ETV Bharat / state

পুঁজিপতি কোম্পানী উলিয়ামচন মেগৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ক্ষুদ্ৰ চাহ খেতিয়কৰ - বৃহৎ পুঁজিপতি চাহ কোম্পানী ইউলিয়ামচন মেগৰ

বিশ্বনাথৰ প্ৰায় 10 হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা ৷ বৃহৎ পুঁজিপতি চাহ কোম্পানী ইউলিয়ামচন মেগৰৰে ব্যৱসায়ত লোকচান হোৱাৰ অজুহাতত কলঘৰ সমুহ বন্ধ কৰাৰ লগতে ক্ষুদ্ৰ খেতিয়ক সকলৰ কেঁচা চাহপাত নোলোৱাৰ অভিযোগ কৃষক সকলৰ ৷

Complain against Williamson Magar and Co Ltd by tea farmer
পুঁজিপতি কোম্পানী উলিয়ামচন মেগৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ক্ষুদ্ৰ চাহ খেতিয়কৰ
author img

By

Published : Mar 11, 2020, 5:45 PM IST

বিশ্বনাথ, 11 মাৰ্চ: পৰিৱৰ্তনকামী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু দেশৰ শাসনাধিষ্ঠ নৰেন্দ্ৰ মোডীৰ আচ্ছেদিন যেন এতিয়া বগা হাতীত পৰিণত হৈছে অসমৰ চাহ খেতিয়ক সকলৰ বাবে ৷ বৃহৎ পুঁজিপতি চাহ কোম্পানী ইউলিয়ামচন মেগৰৰে ব্যৱসায়ত লোকচান হোৱাৰ অজুহাতত কলঘৰ সমুহ বন্ধ কৰাৰ লগতে ক্ষুদ্ৰ খেতিয়ক সকলৰ কেঁচা চাহপাত নোলোৱাৰ বাবে পানীত হাঁহ নচৰা অৱস্থাই দেখা দিছে চাহ খেতিয়ক সকলৰ মাজত ৷ অৱশেষত ৰাজ্যৰ প্ৰায় 700 ৰো অধিক চাহ বাগানৰ প্ৰায় 10 হাজাৰ উপায়হীন চাহ খেতিয়কে উভালি পেলাইছে চাহ গছ ৷ প্ৰতিদিনে দেশৰ অৰ্থনীতিলৈ বৰঙণি যোগাই অহা ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক যেন এতিয়া স্পৰ্শ কৰিব পৰা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আচ্ছেদিনৰ শ্ল"গানে ৷

Complain against Williamson Magar and Co Ltd by tea farmer
পুঁজিপতি কোম্পানী উলিয়ামচন মেগৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ক্ষুদ্ৰ চাহ খেতিয়কৰ

উল্লেখ্য যে, বিগত সময়ছোৱাৰ বিপৰীতে ক্ৰমাৎ হ্ৰাস পাইছে কেচাঁপাতৰ বজাৰ মূল্য ৷ তৎসত্বেও ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেচাঁ পাতৰ বজাৰ মূল্য সুস্থিৰ কৰিৱলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ভাৰতীয় চাহবৰ্ড তথা ৰাজ্য চৰকাৰে ৷ খেতিয়ক সকলৰ এই সমস্যা সমূহৰ মূল কাৰণ বিজেপি চৰকাৰ বুলি উল্লেখ কৰি বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে ৰাজ্যিক চি পি আই এম এল দলৰ নেতা বিবেক দাসে ৷ লগতে বিশ্বনাথ জিলাৰ জনপ্ৰতিনিধিৰ লগতে চতিয়া সমষ্টি বিধাক পদ্ম হাজৰিকাক কৃষক সকলক উপযুক্ত মূল্য দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই বিবেক দাসে ৷ ইফালে বিশ্বনাথৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কে মন্তব্য কৰে যে, বিগত বৰ্ষত হোৱা কাণ্ড সমূহৰ যাতে এই বছৰ পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰতিটো চাহ কোম্পানীয়ে বিশেষ ব্যৱস্থা ল'ব লাগে ৷ লগতে কলঘৰ সমুহে চাহ খেতিয়ক সকলৰ কেঁচা চাহপাতবোৰ যাতে ঘূৰাই নিদিয়ে তাৰ প্ৰতি কল ঘৰৰ মালিক সকলক আহ্বান জনাই খেতিয়ক জনে ৷

লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত ব্যাপক প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল জনতা

For All Latest Updates

TAGGED:

TEA BOARD
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.