বিশ্বনাথ, ২৮ জুলাইঃ মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰে গহপুৰৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মা কল্যাণী দেৱালয় ৷ মা কল্যাণী দেৱালয়ত মুখ্যমন্ত্ৰী সোণোৱালে আশীৰ্বাদ লোৱা সময়ত সংগ দিয়ে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত,মন্ত্ৰী কেশৱ মহন্ত,সাংসদ পল্লৱলোচন দাস, গহপুৰৰ বিধায়ক উৎপল বৰাই ৷ আনহাতে এই দেৱালয়ৰ পৰা গহপুৰলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী গৰাকী ৷
উল্লেখযো গ্য যে গহপুৰৰ সমষ্টিত তথা উত্তৰ অসমৰ অন্যতম এখন দেৱালয় হৈছে মা কল্যাণী দেৱালয় ৷ 1953 চনত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত মুল দেৱালয়ভাগ ধংস হোৱাত পুৰোহিত সকলে ইয়াক দ্বি-খণ্ডিত কৰি এভাগ দিপৰা পুখুৰীৰ উত্তৰ পাৰত স্থাপন কৰে আৰু আন ভাগক চাৰিঙীয়া পুখুৰী পাৰত স্থাপন কৰে ৷ এই দেৱালয় খন বাৰভুঞা সকলৰ প্ৰখ্যাত শক্তিপীঠ আছিল ৷
![মা কল্যাণী দেৱালয়ৰ তোৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8206335_jai.jpg)
আহোম স্বৰ্গদেউ এগৰাকীয়ে এই দেৱালয়ত পূজা কৰিবলৈ 7 ঘৰ পাইক কৃষ্ণকান্ত আৰু ছন্দকান্ত নামেৰে দুজন পুৰোহিত নিয়োগ কৰিছিল ৷ সেই সময়ৰ পৰাই হাঁহ,ছাগলী ম’হ বলি দি যি পূজা অৰ্চনা আৰম্ভ কৰিছিল,সেই পূজা আজিও অব্যাহত আছে ৷
বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক নেতা-মন্ত্ৰীয়ে এই দেৱালয়ত আহি আশীৰ্বাদ লোৱা উদাহাৰণ আছে ৷ সমান্তৰালকৈ মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দেৱালয় খনত উপস্থিত হৈ আশীৰ্বাদ লোৱা দেখা গ'ল ৷
লগতে পঢ়কঃ জোনাইত মুৰ্কংচেলেকত আছুৰ উত্তাল প্ৰতিবাদ