ETV Bharat / state

Child Protection Campaign:শিশু সুৰক্ষাৰ প্ৰচাৰ অভিযানত বাটৰ নাট প্ৰদৰ্শন

author img

By

Published : Jul 5, 2023, 3:34 PM IST

সুৰক্ষিত শৈশৱ, সোণালী অসমৰ ৯০ দিনীয়া প্ৰচাৰ অভিযান অব্যাহত । ইয়াৰ সৈতে সংগতি ৰাখি প্ৰচাৰ পত্ৰিকা বিতৰণ । বিশ্বনাথৰ একাধিক ঠাইত বাল্য বিবাহ, শিশু শ্ৰমিকৰ ওপৰত প্ৰস্তুত কৰা বাটৰ নাট প্ৰদৰ্শন ।

Street play Performed in Biswanath
বাটৰ নাট প্ৰদৰ্শন

বিশ্বনাথ, ৫ জুলাই: বিশ্বনাথৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত সুৰক্ষিত শৈশৱ ,সোণালী অসম গঢ়াৰ লক্ষ্যৰে শিশু সুৰক্ষাৰ প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীয়ে। 'শৈশৱৰ ধেমালীবোৰ নিনিব কাঢ়ি, গঢ়ো আহক অসমক শিশুৰ পৃথিৱী কৰি' শ্লোগানেৰে সুৰক্ষিত শৈশৱ সোণালী অসম গঢ়া লক্ষ্যৰে মঙলবাৰে পুৱা শিশু সুৰক্ষাৰ বাবে বিশ্বনাথত ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ পতাকা জোকাৰি বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ জয় শিবানীয়ে শিশু সুৰক্ষাৰ বাবে সকলোকে সন্মিলিতভাৱে কাম কৰিবলৈ আহ্বান জনালে ।

Street play Performed in Biswanath
বাটৰ নাট প্ৰদৰ্শন

মঙলবাৰে পুৱা ১০ বজাত জিলা শিশু সুৰক্ষা গোটৰ গাণনিক মাবি চুলতানা, প্রস্তুতি ভূঞা, সমাজকৰ্মী লক্ষীমাই বৰা, চি ডব্লিউ চিৰ সদস্য জয়ন্ত শৰ্মা, চিচিআই, গলিয়াৰ যতীন শৰ্মা তথা বিভিন্ন বিষয়া কৰ্মচাৰীৰ উপস্থিতিত জিলা শিশু সুৰক্ষা গোট, বিশ্বনাথ জিলা প্ৰশাসন আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ পতাকা জোকাৰাৰ পাছতে অনুভাষযন্ত্ৰ আৰু বাটৰ নাট প্ৰদৰ্শন কৰা শিল্পী দলটোৱে বিশ্বনাথৰ বিভিন্ন ঠাই ক্ৰমে চতিয়া, ইটাখোলা, কৰৈয়নী, বিশ্বনাথঘাট আৰু বিশ্বনাথ চাৰিআলিত শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ ওপৰত প্ৰস্তুত কৰা বাটৰ নাট প্ৰদৰ্শন কৰে ।

Street play Performed in Biswanath
বাটৰ নাট প্ৰদৰ্শন

সমাজকৰ্মী লক্ষীমাই বৰাৰ নেতৃত্বত যোৱা শিল্পী দলটোৱে নিখুঁত অভিনয় কৰাৰ লগতে ঠায়ে ঠায়ে এয়া সঁচা ঘটনা বুলি ভাবি অভিনেতা অভিনেত্ৰীক দৰ্শকৰ মাজৰ কোনোৱে ধমক দিয়াৰ দৰে ঘটনাও ঘটিছে । এই বাটৰ নাটৰ মাজে মাজে মাইক যোগে সজাগতামূলক প্ৰচাৰ আৰু প্ৰচাৰ পত্ৰও বিতৰণ কৰা হয় । উল্লেখ্য যে, যোৱা ১১ জুনত 'সুৰক্ষিত শৈশৱ ,সোণালী অসম'ৰ ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰা হৈছিল। ইয়াৰ পিছতেই যোৱা ১৬ জুনত বিশ্বনাথ জিলা শিশু সুৰক্ষা গোটৰ সহযোগত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে হাৱাজানৰ পৰা বেদেতী পৰ্যন্ত বাটৰ নাট, ভ্ৰাম্যমাণ প্ৰচাৰ, প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি বাল্য বিবাহ ৰোধ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় । মনকৰিবলগীয়া যে,উক্ত দিনাও হাৱাজান, বেদেতী, গহপুৰ ঘাহিগাঁও আদিত বাটৰ নাট প্ৰদৰ্শন কৰে । উল্লেখ্য যে বিভিন্ন ঠাইত জনসাধাৰণে এই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰি অধিক প্ৰচাৰ অভিযান চলাই যাবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনাইছে ।

লগতে পঢ়ক:DSU session: ডিমাছা ছাত্ৰ সন্থাৰ ৪৭ সংখ্যক অধিবেশনৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.