ETV Bharat / state

29 ছেপ্টেম্বৰত গহপুৰত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Sep 28, 2021, 10:39 PM IST

কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে আগন্তুক 29 ছেপ্টেম্বৰত বিহালী সমষ্টিৰ লগতে গহপুৰ সমষ্টিলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই সন্দৰ্ভত কাৰ্যসূচী প্ৰকাশ কৰিছে বিশ্বনাথ জিলা জনসংযোগ বিভাগে ৷

chief-minister-dr-himanta-biswa-sharma-will-visit-gohpur-on-september-29
29 ছেপ্টেম্বৰত গহপুৰত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

বিশ্বনাথ,28 ছেপ্তেম্বৰ : বুধবাৰ অৰ্থাৎ 29 ছেপ্টেম্বৰত বিহালী সমষ্টিৰ লগতে গহপুৰ সমষ্টিলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে দুয়োটা সমষ্টিত বহু কেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি কাৰ্যসূচী প্ৰকাশ কৰিছে বিশ্বনাথ জিলা জনসংযোগ বিভাগে ৷ 29 তাৰিখ অৰ্থাৎ বুধবাৰে পুৱা 10:30 বজাত বিহালী বৰবিল চাহ বাগিচাৰ কালী মন্দিৰ দৰ্শন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তাৰ পাছতে পুৱা 10:55 বজাত বিহালী গাংমৌ থানত উপস্থিত হ'ব মুখ্যমন্ত্ৰী গৰাকী ৷

ইয়াৰ পাছতে 11:55 বজাত বটিয়ামাৰীৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে বটিয়ামাৰী ভানু ৰংঘ মঞ্চত বিজেপি কৰ্মী দ্বাৰা আয়োজন কৰা সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ দিনৰ প্ৰায় 12:30 বজাত বিহালী পৰা গহপুৰ সমষ্টিত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ গহপুৰত সমষ্টিৰ পাঁচটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে ৷

কাৰ্যক্ৰমিকা অনুসৰি ছিগনেচাৰ আঁচনিৰ অধীনত নিৰ্মীয়মান অৱস্থাত থকা গহপুৰৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘাঁহিগাঁও ষ্টেডিয়ামৰ কামৰ অগ্ৰগতিৰ বুজ ল'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃ 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণী সহ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পাঠদান

উক্ত সময়ত ছিগনেচাৰ আঁচনিৰ জৰিয়তে ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা ঘাঁহিগাঁও চাৰিআলিৰ পৰা দক্ষিণলৈ সোমাই যোৱা ছহিদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি গড়কাপ্তানি পথ দুটা আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ যাত্ৰাপথত তেওঁ বৰঙাবাৰীস্থিত ছহিদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী অৰ্পণ কৰিব ৷

অন্তিমটো কাৰ্যসূচী অনুসৰি ডিপৰাস্থিত শ্ৰীশ্ৰী মা কল্যানী দেৱালয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সেৱা আগবঢ়োৱাৰ লগতে নিৰ্মীয়মান কামৰ অগ্ৰগতিৰ বুজ ল'ব ৷ ইয়াৰ পিছতে তেওঁ ডিপৰাৰ অস্থায়ী হেলিপেডৰ পৰা ধেমাজিলৈ উৰা মাৰিব ৷ মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰলৈ গহপুৰলৈ আহিবলগীয়া ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে গহপুৰবাসী ৷

উল্লেখ্য যে, সকলো কাৰ্যসূচীতে গহপুৰবাসী ৰাইজৰ আন্তৰিক সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগতে বিশ্বনাথ জিলা বিজেপিৰ সাধাৰণ সম্পাদক নোমল বৰুৱা আৰু হেলেম মণ্ডল বিজেপিৰ সভাপতি নিৰণ হাজৰিকাই ৷

লগতে পঢ়কঃ অসমৰ ইতিহাস চৰ-চাপৰি ফালৰ পৰাই ঘূণে ধৰিছে : সাংসদ প্ৰদান বৰুৱা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.