বিশ্বনাথ,26 আগষ্ট: ক'ভিড-19 ৰ কৱলত পৰি প্ৰাণ হেৰুৱাইছে ৰাজ্যৰ বহু পৰিয়ালৰ সদস্য তথা মূৰব্বীয়ে ৷ ক'ভিড মহামাৰীয়ে এনেদৰে প্ৰাণ কাঢ়ি নিয়া ব্যক্তি সকলৰ পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে ৷ বৃহস্পতিবাৰে বিশ্বনাথত ক'ভিডত মহামাৰীৰ বাবে স্বামীহাৰা হোৱা 9 গৰাকী মহিলাক চেক বিতৰণ কৰিলে অসম চৰকাৰৰ কেবিনট মন্ত্ৰী পীযুষ হাজৰিকাই ৷ বিশ্বনাথ জিলাৰ বিশ্বনাথ আৱৰ্ত ভৱনত প্ৰদান কৰা হয় এই সাহাৰ্য ৷
উল্লেখ্য যে,ক'ভিড মহামাৰীত বিধৱা হোৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য আচঁনিৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে ক'ভিডত স্বামীহাৰা হোৱা মহিলা সকলক মূখ্যমন্ত্ৰীৰ এক কালীন সাহাৰ্য হিচাপে 2.5 লাখ টকাৰ চেক বিতৰণ কৰা হৈছে ৷ ক'ভিড মহামাৰীত স্বামীক হেৰুৱাই বৈধব্যৰ জীৱন নিৰ্বাহ কৰা মহিলা সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যেই অসম চৰকাৰে প্ৰণয়ন কৰিছে ক'ভিড মহামাৰীত বিধৱা হোৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য আচঁনি নামৰ এই আঁচনি ৷
বৃহস্পতিবাৰে বিশ্বনাথত এই আঁচনিৰ জৰিয়তে দ্বিতীয় পৰ্যায়ত 9 গৰাকী মহিলাক চেক প্ৰদান কৰা হয় ৷ এই চেক প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে সাংসদ পল্লৱলোচন দাস, বিশ্বনাথ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে বিশ্বনাথৰ স্থানীয় বিধায়ক গৰাকী ৷
উল্লেখ্য যে,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কভিডত স্বামীহাৰা হোৱা, পিতৃ-মাতৃহাৰা হোৱা সকলক সহায় কৰাৰ উদ্দেশ্য মুকলি কৰা হৈছিল দুখন পৃথক আঁচনিৰ ৷ পৰ্যায়ক্ৰমে এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হোৱা সকলক সাহাৰ্য প্ৰদান কৰিছে চৰকাৰে ৷
লগতে পঢ়কঃ নুমলীগড় শোধনাগাৰৰ সৈতে জলপৰিবহণ বিভাগৰ দ্বিপাক্ষিক চুক্তি