ETV Bharat / state

বিশ্বনাথত শতাধিক হিতাধিকাৰীক প্ৰদান বিপিএল কাৰ্ড

বিশ্বনাথত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰ অধীনত শতাধিক হিতাধিকাৰীক প্ৰদান কৰা হয় নতুন পৰিয়াল পৰিচয় । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰ অধীনত ইতিমধ্য়ে জিলাখনৰ মুঠ ১,২০,১৯৬ টা পৰিয়ালক প্ৰদান কৰা হৈছে পৰিচয় পত্ৰ ।

author img

By

Published : Jan 17, 2021, 12:03 PM IST

বিশ্বনাথত শতাধিক হিতাধিকাৰীক প্ৰদান বিপিএল কাৰ্ড
বিশ্বনাথত শতাধিক হিতাধিকাৰীক প্ৰদান বিপিএল কাৰ্ড

বিশ্বনাথ ১৭ জানুৱাৰী : বিশ্বনাথ জিলাত খাদ্য়, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এক উল্লেখযোগ্য় পদক্ষেপ । বিশ্বনাথ সমবায় সমিতিৰ সহযোগত শনিবাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ অধীনত নতুন পৰিয়ালক পৰিচয় পত্ৰ বিতৰণ কৰা হয় । মধুপুৰস্থিত প্ৰজাপতি বিবাহ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত বিশ্বনাথ মহকুমা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে বিতৰণ কৰে এই পৰিচয় পত্ৰসমূহ । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰ অধীনত ইতিমধ্য়ে জিলাখনৰ মুঠ ১ লাখ ২০ হাজাৰ ১৯৬ টা পৰিয়ালক প্ৰদান কৰা হৈছে পৰিচয় পত্ৰ ।

বিশ্বনাথ মহকুমা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ-পৰিদৰ্শক ভবেন কুমাৰকে ধৰি অনুষ্ঠানটোত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মা, নিৰ্বাচনী বিষয়া আবুল কালাম প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে বিশ্বনাথৰ শতাধিক পৰিচয় পত্ৰ লাভ কৰা হিতাধিকাৰী ।

লগতে পঢ়ক : ৰহাত অগ্নিকাণ্ডত জাহ গ’ল মাদ্ৰাছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.