বিশ্বনাথ,31 জানুৱাৰী: দেওবাৰে 77 নং বিহালী বিধানসভা সমষ্টিৰ বটিয়ামাৰী গাঁও পঞ্চায়তৰ 140 নং বুথ আৰু 2 নং ৱাৰ্ডৰ বুথত এখনি সভা অনুষ্ঠিত হয় । উক্ত সভাত ভাৰতীয় জনতা পাৰ্টীৰ দলীয় সদস্য সকলৰ সৈতে মত বিনিময় কৰে বিহালী মণ্ডলৰ সভাপতি লাচিত বৰাই ।
উক্ত সভাত অসম চৰকাৰৰ বিভিন্ন চৰকাৰী আচঁনিৰ পৰা ৰাইজ কিমান লাভাৱাম্বিত হৈছে আৰু কিদৰে ৰাইজৰ মাজলৈ আঁচনি সমুহ নিবলৈ সক্ষম হৈছে তাৰ ওপৰতো দলীয় কৰ্মী সকলৰ সতে আলোচনা হয় ।
ইফালে এই বুথ সমিতি খনত উপস্থিত থাকে বটিয়ামাৰী গাওঁ পঞ্চায়তৰ সভানেতী ফুলমনি দাসকে ধৰি বহু কেইজন জ্যেষ্ঠ বিজেপি নেতা । লগতে উপস্থিত থাকে বহু বিজেপি কৰ্মী ৷