ETV Bharat / state

Most Wanted গঁড় চিকাৰী আচমত আলীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 26, 2022, 11:33 AM IST

Updated : Feb 26, 2022, 1:22 PM IST

ম’ষ্ট ৱানটেড চোৰাং চিকাৰী আচমত আলী ওৰফে নালকুৰ আলীৰ (Most wanted Rhino Poacher Asmat Ali) সন্ধান দিওতালৈ ২ লাখ টকা ঘোষণা কৰিছিল অসম আৰক্ষীয়ে । কিন্তু 16 ফেব্ৰুৱাৰীৰ নিশা অসম আৰক্ষীয়ে কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত চোৰাং চিকাৰীটোক । অসম আৰক্ষীয়ে কুখ্যাত চোৰাং চিকাৰীটোক বিশ্বনাথলৈ আনি তদন্ত কৰি থকা সময়তে পলায়ন কৰিছিল নালকুৱে । অৱশেষত কি হ’ল জানো আহক ৷

body-of-most-wanted-rhino-poacher-nalco-recovered
ম’ষ্ট ৱানটেড গঁড় চিকাৰী আচমত আলী

বিশ্বনাথ, ২৬ ফেব্ৰুৱাৰী : কাজিৰঙাৰ বহুকেইটা গঁড় হত্যাৰ মাষ্টাৰ মাইণ্ড তথা কুখ্যাত চোৰাং চিকাৰী আচমত আলী ওৰফে নালকুৰ আলীৰ(Rhino Poacher Asmat Ali dead body recovered) মৃতদেহ শুকুৰবাৰে নিশা বিশ্বনাথৰ নদী আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শিলেখুন্দা বন শিবিৰত সংঘটিত গঁড় হত্যাৰ মূল মাষ্টাৰ মাইণ্ডজনক অসম আৰক্ষীৰ এটা দলে 16 ফেব্ৰুৱাৰীৰ নিশা কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল(Rhino killer arrested in Kerala)।

বিশ্বনাথ আৰক্ষীয়ে কেৰালা আৰক্ষীৰ সহযোগত ১৭ ফেব্ৰুৱাৰীৰ নিশা আচমত আলীক বিশ্বনাথলৈ লৈ আনে(Most wanted Rhino Poacher Asmat Ali) ৷ ইয়াৰ পাছতেই আৰক্ষীয়ে আচমত ওৰফে নালকুক লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খৰ্গৰ সম্ভেদ দিবলৈ বিশ্বনাথ ঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেং টাপুলৈ লৈ যায় ৷ কেটেং টাপুলৈ নিয়াৰ সময়তে আন্ধাৰৰ সুযোগ লৈ হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি পলায়ন কৰে ম’ষ্ট ৱানটেড গঁড় চিকাৰীটোৱে৷ ইয়াৰ পাছৰে পৰা আৰক্ষীয়ে আচমতৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল ৷

কেৰালাত গ্ৰেপ্তাৰ হোৱা Most Wanted গঁড় চিকাৰী আচমত আলীৰ মৃতদেহ উদ্ধাৰ

এই ঘটনাৰ ৭ দিনৰ পাচত বিশ্বনাথঘাটৰ পশ্চিম-দক্ষিণ দিশৰ কাজিৰঙাৰ দাঁতিকাষৰীয়া ব্ৰহ্মপুত্ৰৰ পানী যুঁৱলীত উদ্ধাৰ কৰা হয় আচমত আলী ওৰফে নালকুৰ মৃতদেহ৷ বিশ্বনাথৰ নদী আৰক্ষীয়ে উদ্ধাৰ কৰিছে কুখ্যাত চোৰাং চিকাৰীটোৰ মৃতদেহ৷ সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষকসহ দণ্ডাধীশ ৷

লগতে পঢ়ক : কাজিৰঙা গঁড় হত্যাৰ মূল মাষ্টাৰ মাইণ্ড কেৰালাত গ্ৰেপ্তাৰ

Last Updated : Feb 26, 2022, 1:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.