ETV Bharat / state

বিশ্বনাথৰ তিনিসুঁতিত ভয়ংকৰ পথ দুৰ্ঘটনা

বিশ্বনাথৰ তিনিসুঁতিত দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ পিক আপ ভান ৷ দুৰ্ঘটনাটোত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে ৷ আহত আটাইকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ ৷

as_biswanath_tinisuti-road-accident_img_as10018
বিশ্বনাথৰ তিনিসুঁতিত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Jan 26, 2021, 10:38 PM IST

বিশ্বনাথ,26 জানুৱাৰী: বিশ্বনাথৰ তিনিসুঁতিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বনভোজ খবলৈ যোৱা বলেৰ’ পিক আপ ভান এখন দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোত শিশু,মহিলা আৰু পুৰুষ সহ কেইবাজনো লোক আহত হৈছে ৷ ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বিশ্বনাথৰ জিনজিয়াৰ পৰা অসম অৰুনাচল সীমান্তৰ ন-মৰাত বনভোজ খাবলৈ গৈছিল লোককেইজন ৷ বনভোজ খাই উভটি অহা সময়তেই বাহনখন দুৰ্ঘটনাত পতিত হয় ৷

as_biswanath_tinisuti-road-accident_img_as10018
বিশ্বনাথৰ তিনিসুঁতিত ভয়ংকৰ পথ দুৰ্ঘটনা

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ ৷ আহতসকলক ততাতৈয়াকৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আহতসকলৰ ভিতৰত গুলু মিত্ৰ,ৰাধিকা কুমাৰি, বাসন্তি দেবীৰ আৰু প্ৰিয়া গঢ়ৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ তেওঁলোকক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক-2021 বৰ্ষৰ পদ্মশ্ৰী বঁটাপ্ৰাপক অসমীয়াসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.