বিশ্বনাথ,13 ফেব্ৰুৱাৰী: বিশ্বনাথত উপস্থিত হয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ জনজাগৰণ সভা ৷ শদিয়াপৰা ধুবুৰীলৈ প্ৰদেশ কংগ্ৰেছ কমিতিয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনজাগৰণ সভা ঘোষণা কৰা পাছত অসমৰ শদিয়াপৰা আৰম্ভ কৰা জনজাগৰণ প্ৰতিবাদী সভা আৰু সমদল বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হয়।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা নেতৃত্বত ওলোৱা এই কা" বিৰোধী প্ৰতিবাদী সমদল আজি বিশ্বনাথ চাৰিআলি চন্দ্ৰপুৰ বাকৰি পৰা বিশ্বনাথ চহৰৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক কাৰ্যালয় সন্মুখত সামৰণি মাৰে ৷ লগতে এই সমদলৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই চন্দ্ৰপুৰ বাকৰিত এখনি প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী ডাঃহিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি তুলাধুনা দিয়ে ।
লগতে পঢ়ক:খিলঞ্জীয়া মুছলমানৰ জৰীপে সমাধান কৰিব মুছলমানৰ সমস্যা!
প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি বৰাই কয়, হিমন্ত বিশ্ব শৰ্মাই সংবিধান পৃষ্ঠা পঢ়া প্ৰয়োজন, মই তেওঁক সংবিধানৰ পৃষ্ঠা পঢ়িবলৈ আহ্বান জনাইছোঁ ৷ আৰু কোনো কাৰণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাজা আৰু সংস্কৃত টোল বন্ধ কৰিব নোৱাৰে যদি কৰে আমি উচ্চ ন্যায়ালয় কাষ চাপিম বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷ ইফালে এই প্ৰতিবাদী সমদল সভাত প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নৰজমাল চৰকাৰ আৰু চতিয়া প্ৰাক্তন বিধায়ক প্ৰানেশ্বৰ বসুমতাৰী কে ধৰি প্ৰায় ৫ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:সংস্কৃত টোল বন্ধৰ সিদ্ধান্তৰ বিৰুদ্ধে মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়া