বিশ্বনাথ, ২৩ মে': শিক্ষা, কৰ্ম সংস্থান, চিকিৎসা আদি বিভিন্ন কামত লক ডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ পৰা লোক সকলক ৰাজ্যখনলৈ ওভতাই অনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা যাৱতীয় ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতে বিশ্বনাথ জিলালৈও প্ৰত্যাৱৰ্তন ঘটিছে তেনে লোকৰ । চৰকাৰী নিৰ্দেশনা অনুসৰি বিশ্বনাথ জিলা প্ৰশাসনেও স্ব-গৃহমুখী এনে লোকৰ স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে । জিলাখনৰ বিভিন্ন ঠাইত ইতিমধ্যে ডেৰ কুৰিৰো অধিক কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হৈছে আৰু বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হোৱা লোক সকলক কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে ।
জানিব পৰা অনুসৰি, এই বাতৰি যুগুত কৰা পৰ্যন্ত জিলাখনত মুঠ ১২টা কোৱাৰেন্টাইন চেন্টাৰ সক্ৰিয় হৈ উঠিছে আৰু এই চেন্টাৰসমুহত ৩৪৪ জন ব্যক্তিক কোৱাৰেন্টাইন কৰা হৈছে । সেইদৰে জিলাখনত এই পৰ্যন্ত মুঠ ৬৫৭ গৰাকী ব্যক্তিৰ ছোৱাব সংগ্ৰহ কৰা হৈছে । অবশ্যে ইয়াৰে এই পৰ্যন্ত ৪৭৬ জন লোকৰ COVID-19 ৰ পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাইছে আৰু বাকী সকলৰ পৰীক্ষাৰ ফলাফল আহি পোৱা নাই ।
উল্লেখ্য যে, জিলাখনৰ প্ৰথম গৰাকী COVID-19 ত আক্ৰান্ত ষাঠী বছৰীয়া ব্যক্তি গৰাকীপশ্চিম বংগৰ পৰা খোজ কাঢ়ি, গাড়ী আদিৰ সহায়ত নিজৰ ঘৰ ওলোৱাৰ পিছত জিলা প্ৰশাসনৰ তৎপৰতাত স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলক স্বাস্থ্য পৰীক্ষা আৰু কোৱাৰেন্টাইন কৰা হৈছে ।
আনহাতে, চৰকাৰী নিৰ্দেশনা অনুসৰি বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হোৱা জিলাখনৰ প্ৰতি গৰাকী লোককে ৭ দিনকৈ বাধ্যতামূলক প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন (ইনষ্টিটিউচনেল কোৱাৰেন্টাইন) কৰাৰ অন্তত জিলাৰ ডিচাৰ্জ বোৰ্ডে কোৱাৰেন্টাইন চেন্টাৰৰ পৰা অব্যাহতি দিছে । খবৰ অনুসৰি, বৰ্তমান পৰ্যন্ত ২৭ জন ব্যক্তিক ইতিমধ্যে চেন্টাৰৰ পৰা অব্যাহতি দিছে। অবশ্যে এই লোকসকলক চৰকাৰী নিৰ্দেশনা অনুসৰি নিজ নিজ এলেকাৰ গাঁও পৰ্যায়ৰ কোৱাৰেন্টাইন সমিতিৰ নিৰীক্ষণত অন্য ৭ দিনৰ বাবে বাধ্যতামূলক হোম কোৱাৰেন্টাইন কৰাৰো ব্যৱস্থা কৰিছে ।
জিলাখনত সম্প্ৰতি ২২৫ টা চাৰ্ভিলেন্স টীমে সক্ৰিয়ভাৱে বিভিন্ন অঞ্চলত কৰ্ম সম্পাদন কৰি আছে । এ এন এম, আশা চুপাৰ ভাইচাৰ, আশা কৰ্মী, এম পি ডব্লিউ, অংগনবাদী কৰ্মী প্ৰমুখ্যে গঠিত হোৱা এই চাৰ্ভিলেন্স টীমে ক্ষেত্ৰ পৰ্যায়ত ঘৰে ঘৰে পৰ্যবেক্ষণ কৰি সহায়ৰ হাত আগবঢ়াই আহিছে। বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হোৱা লোক সকলৰ নীৰিক্ষণৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰি জিলাখনৰ বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধান সভা সমষ্টিত ইতিমধ্যে সমষ্টি ভিত্তিত কোৱাৰেন্টাইন কমিটি গঠন কৰা হৈছে আৰু বিশ্বনাথত গাঁও পৰ্যায়ৰ কোৱাৰেন্টাইন কমিটিও গঠন কৰা হৈছে । একেদৰে জিলা খনৰ চাহ বাগিচা সমূহত এনে কোৱাৰেন্টাইন কমিটি গঠন কৰিবলৈও জিলা প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে বুলি জানিব পৰা গৈছে ।