ETV Bharat / state

ৰোগত আক্ৰান্ত ঐতিহ্য মণ্ডিত নাগশংকৰ দেৱালয়ৰ দুষ্প্ৰাপ্য কাছসমূহ - Biswanath Naag Shankar temple

ঐতিহ্য মণ্ডিত নাগশংকৰ দেৱালয়ৰ দুষ্প্ৰাপ্য কাছসমূহ আক্ৰান্ত হৈছে বিভিন্ন ৰোগত ৷ প্ৰায় ৫০ টাৰো অধিক কাছ আক্ৰান্ত ৰোগত ৷ যাৰ ফলত সুদূৰ লক্ষ্নৌৰ পৰা অহা এটা বিশেষঞ্জৰ দলে কাছসমুহৰ চিকিৎসা কৰে ৷

Biswanath Naag Shankar temple tortoise effected to diseases
ৰোগত আক্ৰান্ত ঐতিহ্য মণ্ডিত নাগশংকৰ দেৱালয়ৰ দুষ্প্ৰাপ্য কাছসমূহ
author img

By

Published : Mar 6, 2020, 5:18 AM IST

বিশ্বনাথ,5 মাৰ্চঃ বিশ্বনাথ জিলাৰ চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত ঐতিহ্য মণ্ডিত নাগশংকৰ দেৱালয়ৰ দুষ্প্ৰাপ্য কাছসমূহ আক্ৰান্ত হৈছে বিভিন্ন ৰোগত ৷ প্ৰায় ৫০ টাৰো অধিক কাছ আক্ৰান্ত ৰোগত ৷ যাৰ ফলত সুদূৰ লক্ষ্নৌৰ পৰা অহা এটা বিশেষঞ্জৰ দলে কাছসমুহৰ চিকিৎসা কৰে ৷

ৰোগত আক্ৰান্ত ঐতিহ্য মণ্ডিত নাগশংকৰ দেৱালয়ৰ দুষ্প্ৰাপ্য কাছসমূহ

উল্লেখযোগ্য যে, এই পুখুৰীটোত ১৯৯৫ চনতে শেষ বাৰলৈ পানী সিচা হৈছিল ৷ কিন্তু তাৰ মাজতে দেৱালয় পৰিচালনা সমিতিয়ে চাফা কৰিছিল যদিও একাংশ ভক্ত দৰ্শনৰ্থীয়ে কাছসমূহক বিভিন্ন খাদ্যবস্তু দিয়াৰ ফলতে কাছসমুহ বিভিন্ন ৰোগত আক্ৰান্ত হোৱা বুলি উল্লেখ কৰে পৰিচালনা সমিতিয়ে ৷ পূৰ্বৰ পুখুৰীৰ পৰা স্থানান্তৰ কৰি বৰ্তমান কাষতে থকা আন এটা পুখুৰীত কাছ সমুহ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ অতি শীঘ্ৰে পুখুৰীটো নতুনকৈ খনন কৰি কাছসমূহ পূৰ্বৰ পুখুৰীটোলৈ অনা হ’ব বুলি প্ৰকাশ কৰে পৰিচালনা সমিতিয়ে ৷ ইয়াৰ উপৰিও অনাগত দিনত কোনো ভক্ত দৰ্শনাৰ্থীয়ে মুৰি জাতীয় বস্তু দিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰখা হ’ব বুলি জনায় পৰিচালনা সমিতিয়ে ৷

লগতে পঢ়ক-ক'ৰণা ভাইৰাছঃ 31 মাৰ্চলৈ বন্ধ থাকিব দিল্লীৰ সকলো প্ৰাথমিক বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.