বিশ্বনাথ, ৩ অক্টোবৰ : বিহালী বৰগাং বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত বুৰৈ চাহ বাগিচাৰ পানীপুতা নিকটৱৰ্তী অঞ্চলত শনিবাৰে বৰগাং বনাঞ্চলিক বিষয়াৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে অভিযান চলায় চোৰাং কাঠ সৰবৰাহৰ লগত জড়িত এজন লোকক কাঠ সহ আটক কৰে । লগতে দুখন কাঠ কঢ়িওৱা চাইকেল আৰু বহু পৰিমাণৰ ফলা কাঠ জব্দ কৰে বন বিভাগৰ দলটোৱে।
ইফালে এই চোৰাং কাঠ ব্যৱসায়ৰ লগত জড়িত হেলেম চাপৰি দিকি ফাংচ’ নামৰ এজন লোকক আটক কৰে বন বিভাগে । আনহাতে আন এজন কাঠ বসৰবৰাহকাৰী পলাতক বুলি জানিব পৰা গৈছে । ইতিমধ্যে বন বিভাগে আটক কৰা চোৰাং কাঠ সৰবৰাহকাৰী জনক বন বিভাগে জে'ললৈ প্ৰেৰণ কৰিছে। জব্দ কৰা কাঠ সমুহ বিহালী বনাঞ্চলৰ পৰা বিক্ৰী কৰিবলৈ নি থকা বুলি বন বিভাগৰ সূত্ৰ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা ড্ৰাগছ মাফিয়াৰ