বিশ্বনাথ,6এপ্ৰিল: বিশ্বনাথৰ জিনজিয়া আৰক্ষীৰ বৃহৎ সাফল্য ৷ জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিশ্বজিত মেধিৰ নেতৃত্বত যোৱা এটা দলে শনিবাৰে এক বিশেষ সুত্ৰৰ পম খেদি As -12 BC -1400 নম্বৰৰ মেজিক গাড়ীসহ ১৫ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে ঘটনাৰ সৈতে জড়িত ৩ জন সুৰা মাফিয়াক আৰক্ষীয়ে আটক কৰিছে ৷ ধৃত সুৰা মাফিয়া তিনিজন ক্ৰমে কুশ বড়ো, মজিৰুল ইছলাম আৰু জিয়াৰুল ইছলাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ পাচত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৪১/১৯ ধাৰা অধীনত গোচৰ ৰুজু কৰি ধৃত লোককেইজনক জে'ল হাজোতলৈ প্ৰেৰণ কৰে ৷
বিশ্বনাথত ১৫ কাৰ্টন অৰুণাচলী সুৰা জব্দ;আটক ৩ - বিশ্বনাথ
শনিবাৰে বিশ্বনাথৰ জিনজিয়া আৰক্ষীয়ে অভিযান চলাই এখন মেজিকৰ পৰা 15 কাৰ্টন অৰুণাচলী সুৰাৰ লগতে তিনিজনক আটক কৰে ৷ ধৃত লোককেইজনক জে'ল হাজোতলৈ প্ৰেৰণ ৷