ETV Bharat / state

নাবালিকাৰ লগত বিবাহ প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ ভতিজাকৰ

বলপূৰ্বকভাৱে শাৰিৰীক সম্পৰ্ক স্থাপন কৰি জেললৈ যোৱাৰ ভয়ত নাবালিকাৰ সৈতে বিবাহ কৰিলে প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ ভতিজা চফিকুল ইছলামে ৷ এই অপৰাধত ১৪ বছৰীয়া কিশোৰী গৰাকীৰ সৈতে বিবাহ সম্পন্ন কৰা চৰকাৰী কাজী মহম্মদ জৈনুদ্দিনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ আৰক্ষীৰ

নাবালিকাৰ লগত বিবাহ প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ ভতিজাকৰ
author img

By

Published : Oct 16, 2019, 3:25 AM IST

বিশ্বনাথ,15 অক্টোবৰ : ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত কৰি সমগ্ৰ ঘটনা লুকুৱাৰ স্বাৰ্থত এগৰাকী ১৪ বছৰীয়া নাবালিকাৰ লগত আইনৰ গণ্ডীৰ পৰা বাচিবৰ বাবে বিবাহ কৰাৰ এক ভয়ংকৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে বিশ্বনাথ চাৰিআলিত ৷ চফিকুল ইছলাম নামৰ এজন যুৱকে এগৰাকী নাবালিকাক বিদ্যালয়ৰ পৰা ফুচুলাই নি বলপূৰ্বকভাৱে শাৰিৰীক সম্পৰ্ক কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰেমৰ নামত দিলীপ নামৰ এজন বন্ধুৰ সহযোগত নাবালিকা গৰাকীক ফুচুলাই নি তেজপুৰত ৰাখি চফিকুলে সংঘটিত কৰিছিল এই দুষ্কাৰ্য ৷ অভিযুক্ত চফিকুল ইছলাম হৈছে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ ভতিজা ৷ আনহাতে এই ঘটনাৰ পিছত নাটকীয়ভাৱে চফিকুলে আইনৰ পৰা হাত সাৰিবলৈ বিবাহ কৰে ১৪ বছৰীয়া কিশোৰী গৰাকীক ৷ কিশোৰী গৰাকীৰ পিতৃ আৰু মাতৃক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি কিশোৰী গৰাকীৰ পৰা বলপূৰ্বকভাৱে নিকাহ নামাত চহী কৰাইছিল চফিকুলে ৷ এটা কোঠাত কেইবাদিনো বন্দী কৰি থোৱা হৈছিল কিশোৰী গৰাকীক ৷ কিশোৰী গৰাকীক মুকলি কৰি দিম বুলি কৌশলৰে মাতৃৰ পৰাও কাগজত কৰাইছিল চহী ৷ কিন্তু বিবাহৰ কিছুদিন পিচৰে পৰা কিশোৰী গৰাকীৰ ওপৰত চফিকুল আৰু পৰিয়ালে চলাবলৈ আৰম্ভ কৰে অকথ্য নিৰ্যাতন ৷ ৫ লাখ টকা যৌতুক হিচাপে বিচাৰি আৰম্ভ কৰে হাৰাশাস্তি ৷ ৫ লাখ টকা দিব নোৱাৰিলে মন্ত্ৰীৰ ঘৰৰ বোৱাৰী হিচাপে স্বীকৃতি নিদিয়াৰ কথা বাৰে বাৰে কৈছিল চফিকুলৰ মাতৃয়ে ৷ আনকি কিশোৰী গৰাকীক বিহ খুৱাই হত্যা কৰাৰো চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে কিশোৰীগৰাকীৰ পৰিয়ালে ৷ উপায়ন্তৰ হৈ মাতৃগৃহত থাকিবলৈ বাধ্য হয় কিশোৰী গৰাকী ৷ কিন্তু শহুৰেকে মাতি নি পুনৰ ঘৰত মাৰধৰ কৰে ৷ অৱশেষত কিশোৰী গৰাকীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মাতৃ বাধ্য হয় আদালতত গোচৰ তৰিবলৈ ৷ গোচৰ তৰাৰ পিছতেই সোমবাৰে নিশা অস্ত্ৰধাৰী দুৰ্বৃত্তই কিশোৰী গৰাকীৰ ঘৰলৈ আহি পৰিয়ালটোক হত্যা কৰাৰ চেষ্টা চলাই যদিও ওচৰ চুবুৰীয়া ওলাই অহাত দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে ৷ এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছত ১4 বছৰ বয়সতে কিশোৰী গৰাকীৰ নিকাহ সম্পন্ন কৰা চৰকাৰী কাজী মহম্মদ জৈনুদ্দিনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

নাবালিকাৰ লগত বিবাহ প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ ভতিজাকৰ

উল্লেখযোগ্য যে বিশ্বনাথৰ আৰৱী মহাবিদ্যালয়ত অধ্যাপনা কৰা মহম্মদ জৈনুদ্দিন এগৰাকী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কাজী আৰু বিশ্বনাথঘাট নিবাসী এই গৰাকী কাজিয়েই অবৈধভাৱে এগৰাকী নাবালিকাৰ নিকাহ সম্পন্ন কৰিছিল ৷ প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ পৰিয়ালৰ লোকে এনে দুষ্কাৰ্য সংঘটিত কৰাৰ ঘটনা পোহৰলৈ অহাত বিশ্বনাথ চাৰিআলিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

Intro:as_biswanath_802_15_oct_rap_vus_byte_scrpt_photo_scrpt_as10018Body:as_biswanath_802_15_oct_rap_vus_byte_scrpt_photo_scrpt_as10018Conclusion:as_biswanath_802_15_oct_rap_vus_byte_scrpt_photo_scrpt_as10018

বলপূৰ্বকভাৱে শাৰিৰিক সম্পৰ্ক স্থাপন কৰি জেললৈ যোৱাৰ ভয়ত নাবালিকাৰ লগত নিকাহ কৰিলে প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ ভতিজা চফিকুল ইছলামে :: ১৪ বছৰীয়া কিশোৰীৰ নিকাহ সম্পন্ন কৰা চৰকাৰী কাজী মহম্মদ জৈনুদ্দিনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰন আৰক্ষীৰ

ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত কৰি সমগ্ৰ ঘটনা লুকুৱাৰ স্বাৰ্থত এগৰাকী ১৪ বছৰীয়া নাবালিকাৰ লগত আইনৰ গণ্ডীৰ পৰা বাছিবৰ বাবে নিকাহ কৰাৰ এক ভয়ংকৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে বিশ্বনাথ চাৰিআলিত ৷ চফিকুল ইছলাম নামৰ এজন যুৱকে এগৰাকী নাবালিকাক বিদ্যালয়ৰ পৰা ফুচুলাই নি বলপূৰ্বকভাৱে শাৰিৰিক সম্পৰ্ক কৰাৰ অভিযোগ উঠিছে ৷ প্ৰেমৰ নামত জনৈক দিলীপ নামৰ এজন বন্ধুৰ সহযোগত নাবালিকাক ফুচুলাই নি তেজপুৰত ৰাখি চফিকুলে সংঘটিত কৰিলে এই দুকাৰ্য ৷ চফিকুল হৈছে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ ভতিজা ৷ আনহাতে এই ঘটনাৰ পিছত নাটকীয়ভাৱে চফিকুলে আইনৰ পৰা হাত সাৰিবলৈ নিকাহ কৰিলে ১৪ বছৰীয়া কিশোৰী গৰাকীক ৷ কিশোৰী গৰাকীৰ পিতৃ আৰু মাতৃক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি কিশোৰী গৰাকীৰ পৰা বলপূৰ্বকভাৱে নিকাহ নামাত চহী কৰাইছিল চফিকুলে ৷ এটা কোঠাত কেইবাদিনো বন্দী কৰি থোৱা হৈছিল কিশোৰী গৰাকীক ৷ কিশোৰী গৰাকীক মুকলি কৰি দিম বুলি কৌশলৰে মাতৃৰ পৰাও কাগজত কৰাইছিল চহী ৷ কিন্তু নিকাহৰ কিছুদিন পিচৰে পৰা কিশোৰী গৰাকীৰ ওপৰত চফিকুল আৰু পৰিয়ালে চলাবলৈ আৰম্ভ কৰিলে নিৰ্যাতন ৷ ৫ লাখ টকা যৌতুক হিচাবে বিচাৰি আৰম্ভ কৰিলে হাৰাশাস্তি ৷ ৫ লাখ টকা দিব নোৱাৰিলে মন্ত্ৰীৰ ঘৰৰ বোৱাৰী হিচাবে স্বীকৃতি নিদিয়াৰ কথা বাৰে বাৰে কৈছিল চফিকুলৰ মাতৃয়ে ৷ আনকি কিশোৰী গৰাকীক বিহ খুৱাই হত্যা কৰাৰো চলালে চেষ্টা ৷ উপায়ন্তৰ হৈ মাতৃগৃহত থাকিবলৈ বাধ্য হয় কিশোৰী গৰাকী ৷ কিন্তু শহুৰেকে মাতি নি পুনৰ ঘৰত কৰিলে মৰধৰ ৷ অৱশেষত কিশোৰী গৰাকীৰ জীবনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মাতৃ বাধ্য হয় আদালতত গোচৰ তৰিবলৈ ৷ গোচৰ তৰাৰ পিছতেই সোমবাৰে নিশা অস্ত্ৰধাৰী দুৰ্বৃত্তই কিশোৰী গৰাকীৰ ঘৰলৈ আহি পৰিয়ালটোক হত্যা কৰাৰ চেষ্টা চলাই যদিও ওচৰ চুবুৰীয়া ওলাই অহাত দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে ৷ এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছত ১৩ বছৰ বয়স হওতেই কিশোৰী গৰাকীৰ নিকাহ সম্পন্ন কৰা চৰকাৰী কাজী মহম্মদ জৈনুদ্দিনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰন কৰিছে ৷ বিশ্বনাথৰ আৰৱী মহাবিদ্যালয়ত অধ্যাপনা কৰা মহম্মদ জৈনুদ্দিন লগত এগৰাকী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কাজী আৰু বিশ্বনাথঘাট নিবাসী এই গৰাকী কাজিয়েই অবৈধভাৱে এগৰাকী নাবালিকাৰ নিকাহ সম্পন্ন কৰিছিল ৷ প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰৰ পৰিয়ালৰ লোকে এনে দুকাৰ্য সংঘটিত কৰাৰ ঘটনা পোহৰলৈ অহাত বিশ্বনাথ চাৰিআলিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

Byte - ভুক্তভোগী কিশোৰী
Byte - মাতৃ

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.