বিশ্বনাথ, ৩ জুলাই : সমগ্র দেশৰ লগতে অসমতো দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা । অসমৰ আন জিলাৰ লগতে বিশ্বনাথ জিলাতো ইজন পাছত সিজনৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ । বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক, ছাত্র-ছাত্রীৰ পৰা যাতে কৰ'ণা ভাইৰাছ সংক্ৰমিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে কোৱাৰেন্টাইন কেন্দ্ৰৰ স্থাপন কৰিছে । বৰ্তমানলৈকে বিশ্বনাথ জিলাৰ ৩০ টা কোৱাৰেন্টাইন কেন্দ্ৰত ৫৩৬৯ জন লোকক ৰখা হৈছে আৰু ইয়াৰে ৫১০০ জনৰ ১৪ দিন উকলি যোৱাত ইতিমধ্যে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷ কিন্তু এই কোৱাৰেন্টাইন কেন্দ্ৰ সমূহৰ ভিতৰৰ বিশ্বনাথ মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা এজন সেনা জোৱানৰ কাণ্ডই জলাকলা খুৱাইছে বিশ্বনাথ জিলা প্ৰশাসনক ।

তথ্য অনুসৰি, বিশ্বনাথ জিলাৰ চতিয়াৰ পাটৰবস্তিৰ মনোজ কুমাৰ মহন্ত নামৰ ব্যক্তিজন কাশ্মীৰত CRPF ৰ জোৱান হিচাপে কৰ্মৰত হৈ আছিল । বহিঃৰাজ্যৰ পৰা অহাৰ বাবে ২৯ জুনত বিশ্বনাথ মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত ১৪ দিনৰ বাবে ৰখাৰ ব্যৱস্থা কৰিছিল স্বাস্থ্য বিভাগে ।
মহাবিদ্যালয়খনৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোকজনে স্বাস্থ্য জনিত কাৰণত হোটেল কোৱাৰেন্টাইন হ'ব বিচৰাত জিলা প্ৰশাসনে অনুমতি দি বিশ্বনাথ চাৰিআলিৰ "প্ৰদ্যুৎ হোটেল“ ৰ কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

তেওঁৰ নিজৰ গাড়ী থকা হেতুকে ১ জুলাইৰ বিয়লি তেওঁক প্ৰশাসনৰ তৰফৰ পৰা গাড়ীৰে হোটেললৈ যাবলৈ অনুমতি দিয়া হয় ৷ কিন্তু তেওঁ বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা ওলাই গৈ প্ৰদ্যুৎ হোটেলৰ কোৱাৰেন্টাইন কেন্দ্ৰলৈ নগৈ চৰকাৰী নিয়ম অমান্য কৰি চতিয়াৰ চামগুৰি অঞ্চলত উপস্থিত হয় আৰু বন্ধু বৰ্গৰ সৈতে মদ্যপানৰ আড্ডাত অংশলৈ নিশা প্ৰায় ১০:৩০ বজাত আহি উপস্থিত হয় হোটেল খনৰ কোৱাৰেন্টাইন কেন্দ্ৰত ।
ইফালে, বিয়লি ৪ বজাতে ওলাই যোৱা মনোজ নিশালৈকে অন্তৰ্ধান হোৱাত হাহাকাৰ লাগে প্ৰশাসনৰ ৷ কোৱাৰেন্টাইন কেন্দ্ৰৰ তদাৰকৰ দায়িত্বত থকা বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তা তাৰা মহন্তই তেওঁৰ অৱস্থিতিৰ বিষয়ে জানিবলৈ ফোন কৰে যদিও তেওঁৰ নম্বৰ ব্লক লিষ্টত ভৰাই দিয়ে মনোজে ৷ নিশা পাৰ্টি কৰি মনোজ কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত হয় যদিও বিয়লি ওলাই যোৱা মনোজৰ সকলো কথা জিলা প্ৰশাসনক অৱগত কৰাৰ পিছত মনোজ কুমাৰ মহন্তৰ বিৰুদ্ধে বিশ্বনাথ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াই ইতিমধ্যে চৰকাৰী নিয়ম অমান্য কৰাৰ অপৰাধত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ কোৱাৰেন্টাইন চেন্টাৰৰ পৰা ওলাই গৈ বন্ধুৰ লগত সুৰাপান কৰি আকৌ কোৱাৰেন্টাইন কেন্দ্ৰলৈ অহা মনোজৰ বিৰুদ্ধে ১৮৮/২৬৯/২৭০/২৭১ ধাৰাৰ ১৭৪/২০২০ নম্বৰত ৰুজু কৰা হৈছে গোচৰ । ইফালে মনোজ কুমাৰ মহন্তৰ লগত নিশা পাৰ্টি কৰা বন্ধু সকলৰো স্বাব সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিছে বিশ্বনাথৰ স্বাস্থ্য বিভাগে ।
লগতে পঢ়ক : মূল্য বৃদ্ধি : মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্ৰতিবাদ