ETV Bharat / state

কেনেকৈ কিনিব কাপোৰ ! ছীল হ’ল Vishal Mega Mart - বিশ্বনাথ জিলা উপায়ুক্ত

পূজাৰ পূৰ্বে বিশ্বনাথৰ বিশাল মেগা মাৰ্ট ছীল কৰি দিয়ে প্ৰশাসনে ৷ কিন্তু কিয় বিশালত ওলমিল প্ৰশাসনৰ তলা ?

biswanath-district-administration-sealed-vishal-mega-mart
বিশ্বনাথৰ বিশাল মেগামাৰ্টত ওলমিল তলা
author img

By

Published : Oct 12, 2021, 12:40 PM IST

Updated : Oct 12, 2021, 1:16 PM IST

বিশ্বনাথ, ১২ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ ৷ পূজাৰ বাবে কাপোৰৰ বজাৰত বৃদ্ধি পাইছে গ্ৰাহকৰ ভীৰ ৷ কিন্তু এনে সময়তে সোমবাৰে বিশ্বনাথৰ বিশাল মেগা মাৰ্টত ওলমিল প্ৰশাসনৰ তলা ৷

biswanath-district-administration-sealed-vishal-mega-mart
বিশ্বনাথৰ বিশাল মেগামাৰ্টত ওলমিল তলা

ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে এটা বছৰৰ বিৰতিৰ পাছত বহু প্ৰত্যাশাৰে অনুষ্ঠিত হোৱা দুৰ্গোৎসৱক লৈ ৰাজ্যবাসীৰ মাজত এইবাৰ বৃদ্ধি পাইছে উৎসাহ-উদ্দীপনা ৷ পূজাৰ সময়ত পছন্দৰ পোছাক তথা সামগ্ৰী ক্ৰয় কৰাৰ বাবে বজাৰত বৃদ্ধি পাইছে গ্ৰাহকৰ ভীৰ ৷ একেদৰে বিশাল মেগা মাৰ্ট নামৰ শ্বপিংমলটোতো সমাগম ঘটিছে অসংখ্য গ্ৰাহকৰ ৷

গ্ৰাহকৰ ভীৰৰ মাজতে হঠাতে বিশ্বনাথ আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক আহি বন্ধ কৰি দিয়ে বিশাল মেগা মাৰ্ট ৷ প্ৰশাসনৰ অভিযোগ ক’ভিড প্ৰট'কল উলংঘন কৰি বিশালত সমাগম ঘটিছে অসংখ্য গ্ৰাহকৰ ৷ তদুপৰি গ্ৰাহকৰ মুখতো নাই মাস্ক ৷ যাৰ বাবে বিশ্বনাথ আৰক্ষী আৰু জিলা প্ৰশাসন আহি খালী কৰিবলীয়া হয় বিশাল মেগা মাৰ্টখন ।

কেনেকৈ কিনিব কাপোৰ ! ছীল হ’ল Vishal Mega Mart

প্ৰশাসনে আকস্মিকভাৱে লোৱা এনে পদক্ষেপে বিশ্বনাথৰ ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে । আৰক্ষীয়ে অৱগত কৰা অনুসৰি অনিৰ্দিষ্ট কাললৈ মেগা মাৰ্টখন ছীল কৰাৰ নিৰ্দেশ জাৰি কৰিছে বিশ্বনাথৰ জিলা উপায়ুক্তই ৷ পূজাৰ পৰৱৰ্তী দিনকেইটাত বিশ্বনাথৰ বিভিন্ন ঠাইত আৰক্ষীয়ে মাস্ক পৰিধান নকৰাৰ বিৰুদ্ধে অভিযান চলাব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : দুৰ্গোৎসৱত গুৱাহাটীত কোন কোন পথেৰে চলাব পাৰিব বাহন ? চাওক নিৰ্দেশনা সমূহ

Last Updated : Oct 12, 2021, 1:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.