ETV Bharat / state

বিশ্বনাথত চিনেমা হল বন্ধঃ চিনেমা চাবলৈ নাপাই খং বিশ্বনাথবাসীৰ - অসমীয়া চলচ্চিত্ৰ উদ্যোগ

বিশ্বনাথত দুটা পক্ষৰ মনোমালিন্যৰ বাবে বন্ধ হৈ আছে চিনেমা হল ৷ কাঞ্চনজংঘা , বুলবুল কেন ছিং চোৱাৰ পৰা বঞ্চিত বিশ্বনাথবাসী য়ে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

ছবিগৃহ
author img

By

Published : Sep 22, 2019, 8:38 PM IST

বিশ্বনাথ, 22 ছেপ্টেম্বৰঃ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে সুখবৰ ৷ সম্প্ৰতি মুক্তি পাইছে এখনৰ পিছত আন এখন সফল অসমীয়া ছবি ৷ শেহতীয়াকৈ কাঞ্চনজংঘা, বুলবুল কেন ছিঙে খলকনি তুলিছে অসমীয়া চলচ্চিত্ৰ উদ্যোগত ৷ কিন্তু ইয়াৰ পিছতো দুখী হৈ পৰিছে বিশ্বনাথবাসী কাৰণ অসমীয়া ছবি চোৱাৰ পৰা বঞ্চিত হৈ ৰৈছে বিশ্বনাথবাসী ৷ ১৯৩৫ চনত পোন প্ৰথমবাৰৰ বাবে বিশ্বনাথ জিলাতেই ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মান কৰিছিল প্ৰথম অসমীয়া কথাছবি 'জয়মতী'। তেনে এক গৰিমাৰে মহিমামণ্ডিত বিশ্বনাথ জিলাবাসী কিন্ত এতিয়া বঞ্চিত হৈ পৰিছে চলচ্চিত্ৰ উপভোগৰ পৰা ।

বিশ্বনাথত চিনেমা হল বন্ধঃ
চিনেমা হল থকা স্বত্ত্বেও চিনেমা হল বন্ধ হোৱাৰ বাবে চিনেমা চোৱাৰ পৰা বঞ্চিত হৈ ৰৈছে সমগ্ৰ জিলাবাসী ৷ উল্লেখ্য যে, ২০১৪ চনত পাভৈ সমবায় সমিতিৰ পৰা শতৰূপা কৰ্তৃপক্ষই লীজত লৈছিল এই হলটো । শতৰূপা কমপ্লেক্স নাম দি শতৰূপা কৰ্তৃপক্ষই ৰাজীৱ বৰা মালিকনাধীন গল্ড চিনেমাৰ লগত অংশীদাৰ হৈ চিনেমা প্ৰদৰ্শন কৰি আহিছিল যদিও শতৰূপা কৰ্তৃপক্ষ আৰু গ'ল্ড চিনেমাৰ ৰাজীৱ বৰাৰ মাজত ভিতৰুৱা কিছু মতানৈক্য হোৱাৰ বাবে যোৱা ডেৰ বছৰ ধৰি বন্ধ হৈ পৰে এই চিনেমা হলটো । যাৰ বাবে এতিয়া সমগ্ৰ জিলাবাসী বঞ্চিত হৈ পৰিছে চিনেমা উপভোগ কৰাৰ পৰা । উল্লেখ্য যে,কিছু দিন পূৰ্বে জুবিন গাৰ্গে বিশ্বনাথত কাঞ্চনজংঘাৰ প্ৰচাৰ চলাই যোৱাৰ পিছতে যোৱা ২০ ছেপ্টেম্বৰত যতীন বৰা আৰু বৰষা ৰাণী বিষয়াই বিশ্বনাথত ৰত্নাকৰৰ প্ৰচাৰ চলাই গৈছিল।ইফালে মুক্তি পালে ৰীমা দাসৰ বুলবুল কেন ছিং । তেনে স্থলত যদিহে চিনেমা হলটো দুই পক্ষৰ মতানক্যৰ বাবে নোখোলে তেন্তে কাঞ্চনজংঘা আৰু বুলবুল কেন ছিং ৰ দৰে ৰত্নাকৰ উপভোগ কৰাৰ পৰাও বঞ্চিত হ'ব বিশ্বনাথ জিলাবাসী । যাৰ বাবে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথত ।

Intro:বিশ্বনাথত দুটা পক্ষৰ মনোমালিন্যৰ বাবে বন্ধ হৈ আছে চিনেমা হলBody:বিশ্বনাথত দুটা পক্ষৰ মনোমালিন্যৰ বাবে বন্ধ হৈ আছে চিনেমা হলConclusion:as_biswanath_ digital_ gold cinema_hall _press_meet_vis_scrpt_byte_as10018

দুই ম'হৰ যুঁজত বিৰিণাৰ মৰন
বিশ্বনাথত দুটা পক্ষৰ মনোমালিন্যৰ বাবে বন্ধ হৈ আছে চিনেমা হল

কাঞ্চনজংঘা , বুলবুল কেন ছিং চোৱাৰ পৰা বঞ্চিত বিশ্বনাথ জিলাবাসী
তীব্ৰ প্ৰতিক্ৰীয়া

১৯৩৫ চনত পোণ প্ৰথম বাৰৰবাবে বিশ্বনাথ জিলাতেই ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মান কৰিছিল প্ৰথম অসমীয়া কথাছবি জয়মতী। তেনে এক গৰিমাৰে মহিমামণ্ডিত বিশ্বনাথ জিলাবাসী কিন্ত এতিয়া বঞ্চিত হৈ পৰিছে চলচিত্ৰ উপভোগৰ পৰা।
সম্প্ৰতি অসমীয়া চলচিত্ৰ জগতলৈ সোণালী দিন পুনৰ ঘুৰি আহিছে। মুক্তি পাইছে বহু কেইখন অসমীয়া কথাছবি।

কিন্তু এই কথাছবি চাব পৰা নাই বিশ্বনাথ জিলা বাসীয়ে। অৱশ্যে চিনেমা হলৰ অভাৱত যে বিশ্বনাথ বাসী চিনেমা উপভোগৰ পৰা বঞ্চিত হৈছে এনে নহয়। বিশ্বনাথ চাৰিআলিত চিনেমা হল এটা আছে যদিও সেই হলটো বন্ধ হৈ থকাৰ বাবেহে বঞ্চিত হৈছে মনোৰঞ্জনৰ পৰা সমগ্ৰ জিলাবাসী। উল্লেখ্য যে ২০১৪ চনত পাভৈ সমবায় সমিতিৰ পৰা শতৰূপা কৰ্তৃপক্ষই লীজত লৈছিল এই হলটো। শতৰূপা কমপ্লেক্স নাম দি শতৰূপা কতৃপক্ষই ৰাজীৱ বৰা মালিকনাধীন গল্ড চিনেমাৰ লগত অংশীদাৰ হৈ চিনেমা প্ৰদৰ্শন কৰি আহিছিল যদিও শতৰূপা কতৃপক্ষ আৰু গ'ল্ড চিনেমাৰ ৰাজীৱ বৰাৰ মাজত ভিতৰুৱা কিছু মতানক্য হোৱাৰ বাবে যোৱা ডেৰ বছৰ ধৰি বন্ধ হৈ পৰে এই চিনেমা হলটো। যাৰ বাবে এতিয়া সমগ্ৰ জিলাবাসী বঞ্চিত হৈ পৰিছে চিনেমা উপভোগ কৰাৰ পৰা। যেন দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ। উল্লেখ্য যে কিছু দিন পূৰ্বে জুবিন গাৰ্গে বিশ্বনাথত কাঞ্চনজংঘাৰ প্ৰচাৰ চলাই যোৱাৰ পিছতে যোৱা ২০ ছেপ্তেম্বৰত যতীন বৰা আৰু বৰষা ৰাণী বিষয়াই বিশ্বনাথত ৰত্নাকৰৰ প্ৰচাৰ চলাই গৈছিল। আনহাতে মুক্তি পালে ৰীমা দাসৰ বুলবুল কেন ছিং । তেনে স্হলত যদিহে চিনেমা হলটো দুই পক্ষৰ মতানক্যৰ বাবে নোখোলে তেন্তে কাঞ্চনজংঘা আৰু বুলবুল কেন ছিং ৰ দৰে ৰত্নাকৰ উপভোগ কৰাৰ পৰাও বঞ্চিত হ'ব বিশ্বনাথ জিলাবাসী। যাৰ বাবে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথত।

ইফালে শতৰূপা কতৃপক্ষই অভিযোগ কৰে যে চিনেমা হলটো বন্ধ একমাত্ৰ ৰাজীৱ বৰাৰ বাবেই
বুলি প্ৰকাশ কৰে ‌।
হলটোৰ লোকচান দেখুৱাই ৰাজীৱ বৰাই যোৱা ডেৰ বছৰ ধৰি বন্ধ কৰি ৰাখিছে বুলি অভিযোগ কৰিছে একাংশ ই । ইফালে বিশ্বনাথত বিভিন্ন দল সংগঠনে শীঘ্ৰে চিনেমা হলটো মুকলি কৰা দাবী জনাইছে ।

বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.