বিশ্বনাথ, ৯ ছেপ্টেম্বৰ : কিছু মাহৰ পূৰ্বে ৰাজ্যত মাইক্ৰ’ ফাইনেন্সত ঋণ লোৱা মহিলাসকলৰ মাজত সৃষ্টি হৈছিল এক হাহাকাৰ পৰিস্থিতি । আচলতে ঋণমাফ কৰিব নোৱাৰা একাংশ মহিলা ঘৰৰ পৰা লোণ দিয়া প্ৰতিষ্ঠানসমূহৰ এজেন্টে টিভিকে আদি কৰি ঘৰৰ বহু সামগ্ৰী লৈ গৈছিল । যাক লৈ ৰাজ্যত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ।
কিন্তু তাৰ মাজতে অসমৰ ড৹ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘোষণা কৰিছিল যে মাইক্ৰ’ ফাইনেন্সত ঋণ লোৱা মহিলাসকলৰ ঋণ চৰকাৰে মাফ কৰিব । অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসমত প্ৰায় ২৪ লাখ মহিলাই এই ঋণ পৰা মুক্ত হ'ব ৷ এই লোণ চৰকাৰে পৰিশোধ কৰিব ৷ যাৰ ফলত একপ্ৰকাৰে ৰাজ্যৰ ২৪ লাখ মহিলাই ঋণৰ পৰা মুক্ত হ’ব ।
চৰকাৰে ৰাজ্যৰ প্ৰায় ২৪ লাখ মহিলা হিতাধিকাৰীক তালিকা প্ৰস্তুতৰ অন্তত ডাঙৰ ডাঙৰ সভা সমিতি আয়োজন কৰি প্ৰথম পৰ্যায়ৰ আৰু দ্বিতীয় পৰ্যায়ত বহু মহিলাৰ ঋণ মাফ কৰিবলৈ চেক প্ৰদান কৰিছিল ৷ কিন্তু বৰ্তমানো ৰাজ্যত মাইক্ৰ’ ফাইনেন্স পৰা ঋণ লোৱা বহু মহিলাৰ ঋণ মাফ কৰা নহ’ল ।
চৰকাৰে ঋণ মাফ কৰিব বুলি আশা পালি বিশ্বনাথ চাৰিআলি অসম অৰুণাচল সীমান্ত শামুকজুলিৰ গাঁৱৰ একাংশ মহিলাই মাহে মাহে দিয়া নাছিল মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৷ ফলত বন্ধন, আৰোহণকে ধৰি মাইক্ৰ' ফাইনেন্স পৰা ঋণ লোৱা শামুকজুলিৰ গাঁৱৰ একাংশ মহিলালৈ আহিল আদালতৰ চমন ৷ যাক লৈ এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ হৈছে এখন গাঁওখনত ।
উপায়ন্ত হৈ ভুক্তভোগী মহিলাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি ক’ত গ’ল, তেওঁ কিয় প্ৰতিশ্ৰুতি দিও পালন কৰিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে । আনহাতে, গাঁওখনৰ ভুক্তভোগী মহিলাসকলে কোনোপধ্যেই ঋণ দিবলৈ সক্ষম নহয় বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে ৷
লগতে পঢ়ক : Bihu Distortion in G20 Summit : বিশ্ব সমুদায়ৰ সন্মুখত বিহু নৃত্যৰ বিকৃতকৰণ, মৌন মুখ্যমন্ত্ৰী