বিশ্বনাথ চাৰিআলি,২১জুলাই : বিশ্বনাথত চাঞ্চল্যকৰ ঘটনা । যাত্ৰীবাহী বাছত নিৰ্যাতিত হ'ল যুৱতী ।
ঘটনা অনুসৰি,শুকুৰবাৰে এগৰাকী যুৱতী গুৱাহাটীৰ পৰা বান্দৰদোৱা লৈ যাবলৈ পোনপটীয়া গাড়ী নাপাই তেজপুৰ লৈকে আহিছিল । তেজপুৰৰ পৰা পুনৰ বিশ্বনাথ চাৰিআলিলৈকে মনীষা নামৰ এখন আল্ট্ৰা বাছত আহি বিশ্বনাথৰ এটা বাছ আস্থানত জিৰণি লৈছিল যুৱতীগৰাকীয়ে । যুৱতীগৰাকীয়ে যাত্ৰা সময়ত চিনাকী হৈছিল গৌতম জেনা নামৰ বাছখনৰ কনডাক্টৰটোৰ সৈতে । বিশ্বনাথৰ পৰা বান্দৰদোৱা যোৱা বাছখন পলমকৈ থকা বাবে গৌতম জেনাই যুৱতীগৰাকীক সহায় কৰা প্ৰলোভন দি এখন ই - ৰিক্সাত বহুৱাই হোটেললৈ লৈ গৈছিল ভাত খোৱাবলৈ । হোটেললৈ নি গৌতম জেনাই ফোনযোগে মাতি আনিছিল তেঁওৰ বন্ধু তথা মা কল্যানী নামৰ বাছখনৰ কনডাক্টৰ বাপ দাধৰা নামৰ আন এজনক । বাপ দাধৰাৰ পত্নী আৰু সন্তান ঘৰত আছে বুলি কৈ কিছু সময় তেওঁৰে ঘৰত জিৰণী ল'ব পাৰিব বুলি যুৱতীগৰাকীক ফুচুলাই লৈ যায় বিশ্বনাথৰ অতি নিৰ্জন ঠাই সাধাৰুপাৰ নামৰ এটি অঞ্চললৈ ৷ প্ৰথমে যুৱতী গৰাকীৰ হাতত থকা ম'বাইল ফোনটো কাঢ়ি লয় দুয়োজন কনডাক্টৰে ।তাৰ পিছত বাপ দাধৰাই প্ৰথমে যুৱতী গৰাকীৰ ওপৰত বলপূৰ্বকভাবে যৌন নিৰ্যাতন চলাই । ইয়াৰ পাছতেই কনডাক্টৰ দুজনৰ মাজত সূত্ৰপাত হয় কাজিয়াৰ ।এই কাজিয়াৰ সুবিধা গ্ৰহণ কৰি যুৱতীগৰাকীয়ে নিজৰ জীৱন বচাই সেই স্থানৰ পৰা পলায়ন কৰি কিছু স্থানীয় লোকক ঘটনাৰ বিষয়ে অৱগত কৰে । লগে-লগে স্থানীয় লোকসকলে খবৰ দিয়ে আৰক্ষীক । বিশ্বনাথ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে গৌতম জেনা নামৰ কনডাক্টৰজনক আটক কৰিবলৈ সক্ষম হয় । আনজন কনডাক্টৰ বাপ দাধৰা সেই স্থানৰ পৰা পলায়ন কৰে যদিও বিশ্বনাথ আৰক্ষীয়ে বাপ দাধৰাক কৰায়ত্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।