ETV Bharat / state

চালি নথকা এখন বিদ্যালয় - অসম অৰুণাচল

পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত অসম-অৰুণাচল সীমান্তৱৰ্তীত এখন বিদ্যালয়ৰ শোচনীয় অৱস্থা

চালি নথকা এখন বিদ্যালয়
author img

By

Published : Mar 7, 2019, 7:17 PM IST

বিশ্বনাথ, ৭ মাৰ্চঃ নাই চালি, নাই বিদ্যালয় গৃহ, নাই ৰান্ধনী ঘৰএনেকৈয়ে চলিছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনৰ অসম-অৰুণাচল সীমান্তৱৰ্তীতএখন বিদ্যালয় । এজাক পাতলীয়া বৰষুণেই হওঁক কিম্বা ৰদৰ প্ৰখৰতাই হওঁকমুঠৰ ওপৰত ছাত্ৰ ছাত্ৰীক এই সমস্যাৰ পৰা বচাবলৈ বিদ্যালয়খনত কৰ্মৰত শিক্ষক সকলে বাধ্য হয় ছুটি দিবলৈ বিদ্যালয় । ক'ত আছে এই বিদ্যালয়খন চাওঁক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন ।

ৰাজ্যত যিটো সময়ত চৰকাৰে শিক্ষা জগতৰ ব্যাপক উন্নতি সাধন কৰাৰ ঢাক-ঢোল বজাই আছে, সেই সময়তে বিশ্বনাথৰ বিজেপি দলৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ গৃহ সমষ্টিত উন্মোচিত হৈছে শিক্ষা বিভাগৰ পুতৌজনক দৃশ্য । বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত বালিচাংৰ অসম-অৰুণাচল সীমান্তৱৰ্তী তৰাজুলী নৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব, যেন নামতহে চলি আছে এই বিদ্যালয়খন ।

চালি নথকা এখন বিদ্যালয়

বিদ্যালয়ৰ নামত মাত্ৰ এটি কোঠাতেই পাঠদান কৰা হয় প্ৰায় ৭৫ জনকৈ ছাত্ৰ ছাত্ৰীক । কিছু সংখ্যকক আকৌ পাঠদান কৰা হয় মুকলি আকাশৰ তলত । বিদ্যালয় খনৰ টিনপাত যোৱা বৰ্ষৰ এপ্ৰিল মাহতে ধুমুহাই উৰুৱাই নিয়াৰ পাচৰে পৰা এনেদৰেই পাঠদান চলি আছে বিদ্যালয়খনত । বিদ্যালয়খনত উপযুক্ত গৃহৰ অভাৱ, বিশুদ্ধ খোৱা পানীৰ অভাৱৰ লগতে ৰান্ধনী ঘৰ আজি পৰ্যন্ত নিৰ্মাণ কৰা হোৱা নাই অভিযোগ শিক্ষকৰৰ । বিদ্যালয়খনৰ আন্তঃগাথঁনিৰ অভাৱত এতিয়া স্কুলখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক সকল বাৰুকৈয়ে সমস্যাত ভোগিছে ।

বিধায়ক গৰাকীৰ লগতে উপায়ুক্ত, খণ্ড শিক্ষা উন্নয়ন বিষয়াকো বাৰম্বাৰ জনোৱাৰ পাচতো এই পৰ্যন্ত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি শিক্ষক সকলে জানিবলৈ দিয়ে । এতিয়া প্ৰশ্ন, বিদ্যালয়খন কিমান দিন এনেদৰে মুক্ত হৈ থাকিব নে মেৰামতি কৰিব নে সেয়া হে লক্ষনীয় হ'ব ।

SLUG :- A_BISWANATH_BALISAG_ SCHOOL_7M_801_806_BYTE_VISUAL_SCRPT_SRIMANTA 

A.O :- নাই চালি, নাই বিদ্যালয় গৃহ, নাই ৰান্ধনী ঘৰ, এনেকৈয়ে চলিছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনৰ অসম অৰুণাচল সীমান্তৱৰ্তী এখন বিদ্যালয় । এজাক পাতলীয়া বৰষুণেই হওঁক কিম্বা ৰদৰ প্ৰখৰতাই হওঁক, মুঠৰ ওপৰত ছাত্ৰ ছাত্ৰীক বচাবলৈ বিদ্যালয়খনত কৰ্মৰত শিক্ষক সকলে বাধ্য হয় বিদ্যালয় খন ছুটি দিবলৈ ।  ক'ত আছে এই বিদ্যালয় খন চাওঁক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন ।

V.O :- ৰাজ্যত যিটো সময়ত চৰকাৰে শিক্ষা জগতৰ ব্যাপক উন্নতি সাধন কৰাৰ ঢাক-ঢোল বজাই আছে, সেই সময়তে বিশ্বনাথৰ বিজেপি দলৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ গৃহ সমষ্টিত উন্মোচিত শিক্ষা বিভাগৰ পুতৌজনক দৃশ্য । বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত বালিচাংৰ অসম অৰুণাচল সীমান্তৱৰ্তী তৰাজুলী নৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব, যেন নামতহে চলি আছে এই বিদ্যালয়খন । বিদ্যালয়ৰ নামত মাত্ৰ এটি কোঠাতেই পাঠদান কৰা দেখা পোৱা গ'ল ছাত্ৰ ছাত্ৰীক । কিছু সংখ্যকক আকৌ পাঠদান কৰা হয় মুকলি আকাশৰ তলত । বিদ্যালয় খনৰ টিনপাত যোৱা বৰ্ষৰ এপ্ৰিল মাহতে ধুমুহাই উৰুৱাই নিয়াৰ পাছৰে পৰা এনেদৰেই পাঠদান চলি আছে বিদ্যালয় খনত । বিদ্যালয় খনত উপযুক্ত গৃহৰ অভাৱ, বিশুদ্ধ খোৱা পানীৰ অভাৱৰ লগতে ৰান্ধনী ঘৰ আজি পৰ্যন্ত নিৰ্মাণ কৰা হোৱা নাই । বিদ্যালয় খনৰ আন্তঃগাথঁনিৰ অভাৱে অসম অৰুণাচল সীমান্তৱৰ্তী এই গাওঁখনৰ কণ কণ শিশু সকল বাৰুকৈয়ে সমস্যাত ভোগিছে । 

স্থানীয় ৰাইজে বিধায়ক গৰাকীৰ লগতে উপায়ুক্ত, খণ্ড শিক্ষা উন্নয়ন বিষয়াকো বাৰম্বাৰ জনোৱাৰ পাছতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে । প্ৰশ্ন হয়, নিৰ্বাচনৰ সময়ত ৰাইজৰ মাজত দি অহা প্ৰতিশ্ৰুতি সমুহ পৰৱৰ্তী সময়ত কিয় অসাৰ প্ৰতিপন্ন হয় ? *সবকা সাথ সবকা বিকাশৰ* কথা কোৱা পৰিৱৰ্তনকামী চৰকাৰ খনে বিদ্যালয় খন কেতিয়া মেৰামতি কৰিব নে এনেদৰেই চলি থাকিবলৈ দিব সেয়া হে লক্ষনীয় হ'ব ।

বাইট- স্থানীয় ৰাইজ 

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.