বিশ্বনাথ, ২১ অক্টোবৰ : বিহালী প্ৰেছ ক্লাৱৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প’ষ্ট কৰাৰ বাবে বিহালীৰ পলাশ প্ৰিয়ম নামৰ প’ৰ্টেলৰ সাংবাদিকজনৰ বিৰুদ্ধে বুধবাৰে এটা গোচৰ ৰুজু কৰা হৈছে।

পৰ্টেলৰ সাংবাদিকগৰাকীয়ে বুধবাৰে পুৱা প’ষ্ট কৰা মন্তব্যটো ভাইৰেল হৈ পৰে। আনহাতে অযুক্তিকৰ তথা বিহালী প্ৰেছ ক্লাৱৰ মৰ্যাদা হানিকৰ প’ষ্টটোৰ বাবে ক্ষুন্নতা প্ৰকাশ কৰি বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মা আৰু সম্পাদক খগেন মটকে বিহালী থানাত এখন এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে, পলাশ প্ৰিয়ম নামৰ তথাকথিত সাংবাদিক গৰাকীয়ে ইয়াৰ আগতে গহপুৰ সমষ্টিৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে মনেসজা কথাৰ অবতাৰনা কৰি তেওঁক জন মানসত হেয় প্ৰতিপন্ন কৰিব বিচৰা বিষয়টোত গহপুৰ অঞ্চলত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু ইফালে বিধায়ক গৰাকী বিৰুদ্ধে এনে ভুৱা বাতৰি দিয়া পৰ্টেলৰ সাংবাদিকজনৰ বিৰুদ্ধে গহপুৰ থানাত নিৰ্দিষ্ট ধাৰাত এজন বিজেপি কৰ্মীয়ে এটা গোচৰ ৰুজু কৰিছিল।
লগতে পঢ়ক: হেৰাই গ’ল ঐতিহাসিক ভোগপুৰ সত্ৰৰ 492 বছৰীয়া বকুল গছজোপা