ETV Bharat / state

আকৰ্ষণীয় ভোট পঞ্জীয়নেৰে প্ৰথম পৰ্যায়ৰ দ্বিতীয় স্থানত বিশ্বনাথ

author img

By

Published : Mar 30, 2021, 10:14 PM IST

বিশ্বনাথ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৮৪.১৫ শতাংশ আৰু বিহালী বিধালসভা সমষ্টিত ৮৩.৫১ শতাংশ । বিশ্বনাথ আৰু বিহালী সমষ্টি মিলি গঠিত হৈছে বিশ্বনাথ নিৰ্বাচনী জিলা । সহায়ক আয়ুক্ত তথা স্বীপৰ জিলা ন’ডেল বিষয়া শ্ৰীযুতা সংঘমিত্ৰা ভাগৱতীয়ে এক উদ্ধৃতি দি কয় “নিৰ্বাচনৰ সময় ছোৱালৈকে স্বীপ (SVEEP) ৰ অধীনৰ সকলো কাৰ্য্যসূচী সম্পন্ন কৰাত বিশ্বনাথ জিলা অগ্ৰণী আছিল ।

আকৰ্ষণীয় ভোট পঞ্জীয়নেৰে প্ৰথম পৰ্যায়ৰ দ্বিতীয় স্থানত বিশ্বনাথ
আকৰ্ষণীয় ভোট পঞ্জীয়নেৰে প্ৰথম পৰ্যায়ৰ দ্বিতীয় স্থানত বিশ্বনাথ

বিশ্বনাথ,৩০ মাৰ্চ: যোৱা ২৭ মাৰ্চত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৮৩.৮৮ শতাংশৰ আকৰ্ষণীয় ভোটদানৰ প্ৰদৰ্শনেৰে বিশ্বনাথ জিলাই দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় বাকী জিলা সমূহৰ তুলনাত । বিশ্বনাথ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মাই তেওঁৰ বক্তব্যত কয় “সৰহ সংখ্যক ভোটাৰৰ অংশগ্ৰহণেৰে দ্বিতীয় স্থান গ্ৰহণ কৰা নিৰ্বাচনী জিলা হিচাপে গৌৰৱ অনুভৱ কৰিছো । এইটোৱে ইয়াকে সূচায় যে আমি স্বীপ (SVEEP) ৰ অধীনত লোৱা ভোটাৰ সজাগতা মূলক সকলো কাৰ্য্যসূচীয়ে ভোটাৰক আকৃষ্ট কৰিবলৈ সক্ষম হৈছো আৰু ভোট দানৰ বাবে ওলাই আহিবলৈ উৎসাহিত কৰিছে । “

বিশ্বনাথ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৮৪.১৫ শতাংশ আৰু বিহালী বিধালসভা সমষ্টিত ৮৩.৫১ শতাংশ । বিশ্বনাথ আৰু বিহালী সমষ্টি মিলি গঠিত হৈছে বিশ্বনাথ নিৰ্বাচনী জিলা । সহায়ক আয়ুক্ত তথা স্বীপৰ জিলা ন’ডেল বিষয়া শ্ৰীযুতা সংঘমিত্ৰা ভাগৱতীয়ে এক উদ্ধৃতি দি কয় “নিৰ্বাচনৰ সময় ছোৱালৈকে স্বীপ (SVEEP) ৰ অধীনৰ সকলো কাৰ্য্যসূচী সম্পন্ন কৰাত বিশ্বনাথ জিলা অগ্ৰণী আছিল । ভোটাৰক সজাগ কৰাৰ উদ্যেশ্যে বিভিন্ন স্বীপ কাৰ্য্যসূচী নিৰ্বাচনৰ আগত ভাৰতীয় নিৰ্বাচন আয়োগৰ ফালৰ পৰা বাধ্যতামূলক । এনে সজাগতা মূলক কাৰ্য্যই ভোটাৰ সকলক আৰু উৎসাহিত কৰে ভোটদানৰ দিনা ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ।

ইপিনে জিলা নিৰ্বাচন শীৰ্ষক গীতটো গাইছিল “ইণ্ডিয়ান আইডল জুনিয়ৰ” ৰ ৰাণাৰ্চ আপ, জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে যিটো গীত মুক্তিৰ পিছতেই খুবেই জনপ্ৰিয় হৈছিল । এই গানটো সমগ্ৰ ৰাজ্যই আদৰি লৈছিল আৰু প্ৰায় সকলো ভোটাৰকে আকৃষ্ট আৰু উৎসাহিত কৰিছিল ভোটদানৰ বাবে । চাইকেল ৰেলীৰে ৰাকেশ বণিকেও যুৱ ভোটাৰ সকলক ভোটদানৰ প্ৰতি আগ্ৰহী কৰিছিল । ২৫ মাৰ্চ, অৰ্থাত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত অনুষ্ঠিত হোৱা এই চাইকেল ৰেলীক ‘চাইক্ল’থন ফৰ ডেমক্ৰেচি’ নামেৰে অভিহিত কৰা হয় ।

লগতে পঢ়কঃ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ অদীপ কুমাৰ ফুকনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.