বিশ্বনাথ ২২, ডিচেম্বৰ: ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱাৰ আজি ১০০ সংখ্যক জন্মজয়ন্তী ৷ শ্বহীদ কনকলতাৰ ১০০ সংখ্যক জন্মদিনটো বীৰাঙ্গনাগৰাকীৰ জন্মস্থান গহপুৰত আজি ব্যাপক কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ।
দেশপ্ৰেমৰ প্ৰতীক,ভাৰতীয় স্বাধীনতা যুঁজৰ অসম গৌৰৱ শ্বহীদ কনকলতাৰ ১০০ সংখ্যক জন্মদিনটো এইবাৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকলয়ৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগ গহপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । এই অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাক শ্ৰদ্ধা নিবেদন কৰিব । শতবাৰ্ষিকী উদযাপনৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্বহীদ গৰাকীয়ে মৃত্যুবৰণ কৰা ঐতিহাসিক গহপুৰ আৰক্ষী থানাত উপস্থিত হ'ব ।
ইয়াৰ পিছতে তেওঁ গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা ১০০ বছৰীয়া জয়ন্তীৰ কেন্দ্ৰীয় অনুষ্ঠান অংশগ্ৰহণ কৰিব । আনহাতে, আজি পুৱাই গহপুৰৰ বৰঙাবাৰীস্থিত কনকলতাৰ বাসগৃহত উপস্থিত হয় সাংস্কৃতিক মন্ত্ৰী বিমল বড়া,বিশ্বনাথ জিলা প্ৰশাসনৰ বিষয়া, স্থানীয় ৰাইজ আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা আদি ।
উল্লেখ্য় যে কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা সেনানী আছিল । ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল । ইয়াৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত 'মৃত্যু বাহিনী' তৈয়াৰ কৰা হৈছিল । অসমত গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যুপণ বাহিনীৰ সন্মুখত থকা মূল সেনানীগৰাকী আছিল কনকলতা বৰুৱা ।
লগতে পঢ়ক:আৰক্ষী সদৰত জিলাসমূহৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰে ডিজিপিৰ বৈঠক