ETV Bharat / state

বিহালীৰ স্বেচ্ছাসেৱী সংগঠন সুবিধাৰ ব্যতিক্ৰমী প্ৰয়াস

author img

By

Published : May 11, 2021, 9:48 PM IST

বিহালীৰ স্বেচ্ছাসেৱী সংগঠন 'সুবিধা'ই ৫ টাকৈ দৰিদ্ৰ পৰিয়ালক প্ৰদান কৰিলে গোবৰ গেছ । বিহালীৰ ৰাইজৰ মাজত ব্যাপক চৰ্চা ৷

বিহালীৰ স্বেচ্ছাসেৱী সংগঠন 'সুবিধা'ৰ ব্যতিক্ৰমী প্ৰয়াস

বিশ্বনাথ,11 মে': বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিভিন্ন গাঁৱত স্বেচ্ছাসেৱী সংগঠন 'সুবিধা'ই জনসাধাৰণৰ সুবিধাৰ হোৱাকৈ বিভিন্ন সুবিধা প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ ইফালে এই স্বেচ্ছাসেৱী সংগঠনৰ ব্যতিক্ৰমী প্ৰচেষ্টাই এতিয়া ৰাইজৰ মাজত চৰ্চাৰ লাভ কৰিছে ।

বিগত তিনি মাহ ধৰি সংগঠনৰ সদস্যসকলে কৃষি প্ৰধান মানুহৰ জীৱন সংগ্ৰামৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা কৰি দিয়াৰ লগতে বিভিন্ন সহায়-সহযোগিতা আগবঢ়োৱা দেখা গৈছে । মঙলবাৰৰ দিনটোত স্বেচ্ছাসেৱী সংগঠনটোৰ তৰফৰ পৰা বিহালী সমষ্টিৰ অন্তৰ্গত বিহমাৰীৰ ৫ টাকৈ দৰিদ্ৰ পৰিয়ালৰ মাজত বায়ু প্ৰদূষণমুক্ত গোবৰ গেছ যোগান ধৰি বিহালীবাসীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : জোনাইত গুলীচালনা: গুৰুতৰভাৱে আহত এজন ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.