বিশ্বনাথ,১৯ জানুৱাৰী: বিহালী সমষ্টিৰ অন্তৰ্গত বিহমাৰী গাঁও পঞ্চায়তৰ অধীনৰ লালপুখুৰী গাঁৱত বিগত বৰ্ষ সমূহত হৈ থকা বুৰৈ নদীৰ খহনীয়া তাণ্ডৱ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে SDRF শিতানৰ পৰা ১.১৫ কোটি টকাৰ আৱন্টন দিয়ে । সোমবাৰে উক্ত খহনীয়া প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ কৰে বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ।
ইপিনে শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে থাকে বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা,বিশ্বনাথ জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা অৱনি গগৈ, অভিযন্তা পবিত্ৰ বৰা,ঠিকাদাৰ প্ৰশান্ত কলিতাৰ লগতে জলসম্পদ বিভাগৰ অন্যান্য বিষয়ববীয়া সকল । আনহাতে কাম শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী ৰঞ্জিত দত্তই খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে প্ৰদান কৰা টকাৰ যাতে হৰলুকি নহয় তাৰ বাবে বিভাগীয় বিষয়া কৰ্মচাৰীক নজৰ দিবলৈ আহ্বান জনাই ।
লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন