ETV Bharat / state

বৰগাং নৈৰ গৰাখহনীয়াত জাহ গ'ল শতাধিক চাহ বাগিচা - Bargang river Erosion At Biswanath

বৰগাং নদীৰ গৰা খহনীয়াত জাহ গ'ল হাজাৰ হাজাৰ কৃষিভূমি ৷ উক্ত ঘটনাক লৈ এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

Bargang river Erosion At Biswanath
বৰগাং নৈৰ গৰাখহনীয়াত জাহ গ'ল শতাধিক চাহ বাগিচা
author img

By

Published : Jul 12, 2020, 9:04 PM IST

বিশ্বনাথ, 12 জুলাইঃ বিশ্বনাথ জিলাৰ ৰবৰগাং নৈৰ গৰাখহনীয়াই এতিয়া হাহাকাৰ সৃষ্টি কৰিছে স্থানীয় লোকসকলৰ মাজত ৷ ইতিমধ্যে নৈখনৰ গৰাখহনীয়াত জাহ গৈছে হাজাৰ হাজাৰ কৃষিভূমি, ঘৰ-দুৱাৰৰ লগতে শতাধিক চাহ বাগিচা ৷

বৰগাং নৈৰ গৰাখহনীয়াত জাহ গ'ল শতাধিক চাহ বাগিচা

ৰাজ্যত দীৰ্ঘদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঠিক একেদৰে বিশ্বনাথ জিলাৰ বৰগাং নৈখনতো ফেনে ফুটুকাৰে বাঢ়িছে জলপৃষ্ঠ । ইতিমধ্যে নৈখনে ভয়ংকৰ ৰূপত এফালৰ পৰা খহাই নিছে দাঁতি কাষৰীয়া অঞ্চলসমূহ ৷ উল্লেখ্য যে, শনিবাৰে নিশাৰে পৰা খহনীয়াৰ প্ৰকোপ বৃদ্ধি হৈ বিঘাই বিঘাই নদীত জাঁহ গৈছে খেতি পথাৰৰ লগতে বৃহৎ বৰভীল চাহ বাগিচাখনো । নৈখনৰ এই ভয়ংকৰ খহনীয়াক লৈ এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

উল্লেখ্য যে, খহনীয়া প্ৰতিৰোধৰ আশ্বাস দি গাংমৌ থানৰ পৰা বৰভীলৰ ৫ কিল’মিটাৰ দূৰত্বলৈকে জলসম্পদ বিভাগে দুটা জিঅ’ বেগ আঁচনিৰ কাম কৰিছিল যদিও তাৰ পৰা কোনো সুফল লাভ নকৰিলে স্থানীয় লোকসকলে ৷ ফলত এতিয়াও নৈখনত অব্যাহত আছে গৰাখহনীয়া ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি এতিয়া শংকিত হৈ পৰিছে নৈখনৰ দাঁতি-কাষৰীয়া লোকসকল।

আনহাতে, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই নৈখনৰ গৰাখহনীয়া পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ৰাইজক প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু মন্ত্ৰীজনে ৰাইজক দিয়া প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই থাকিল আৰু আজিলৈকে নৈখনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি গুৰুতৰ অভিযোগ তোলে স্থানীয় লোকসকলে । অতি শীঘ্ৰে উক্ত নৈ খনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ৷

লগতে পঢ়ক- ক্ৰমাৎ শোচনীয় হৈছে কমলপুৰৰ বান পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.