ETV Bharat / state

বহিঃৰাজ্যৰ পৰা অহা 9 গৰাকী যুৱক-যুৱতীক সাক্ষাৎ মন্ত্ৰী ৰঞ্জিৎ দত্তৰ

author img

By

Published : May 29, 2020, 7:54 PM IST

শুকুৰবাৰে বহিঃৰাজ্যৰ পৰা অহা যুৱক-যুৱতীক সাক্ষাৎ মন্ত্ৰী ৰঞ্জিৎ দত্তৰ ৷ চেন্নাই, কলকাতা, মহাৰাষ্ট্ৰৰ পৰা অহা 9 গৰাকী ছাত্ৰ-ছাত্ৰীক সাক্ষাৎ কৰি তেওঁলোকক নিজ ঠাইৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ৰাখিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

বহিঃৰাজ্যৰ পৰা অহা 9 গৰাকী যুৱক-যুৱতীক সাক্ষাৎ মন্ত্ৰী ৰঞ্জিৎ দত্তৰ
বহিঃৰাজ্যৰ পৰা অহা 9 গৰাকী যুৱক-যুৱতীক সাক্ষাৎ মন্ত্ৰী ৰঞ্জিৎ দত্তৰ

বিশ্বনাথ 29 মে’: বহিঃৰাজ্যৰ পৰা অসমৰ নিজ নিজ গৃহ জিলালৈ উভতি যাবলৈ ছাত্ৰ-ছাত্রী, শ্ৰমিক, ব্যক্তিগত খণ্ডৰ চাকৰীয়ালসকলৰ বাবে বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে চৰকাৰে । ইতিমধ্যে শতাধিক লোকক স্বাস্থ্য পৰীক্ষা কৰি নিজ নিজ জিলালৈ প্ৰেৰণ কৰা হৈছে । শুকুৰবাৰে প্ৰথমে তেজপুৰ জ'নেল কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা অহা বিহালীৰ 9 জন ছাত্ৰ-ছাত্রীক বহিঃৰাজ্যৰ পৰা নিজ গৃহ জিলালৈ লৈ যায় ৷

অসম চৰকাৰৰ ৰেচম হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিৎ দত্তই 9 গৰাকী যুৱক-যুৱতীক সাক্ষাৎ কৰি তেওঁলোকক কোৱাৰেণ্টাইন কেন্দ্ৰত থাকিবলৈ আহ্বান জনোৱা লগতে সকলো ব্যৱস্থা কৰিবলৈ বিশ্বনাথ প্ৰশাসনক নিৰ্দেশ দিয়ে । এই 9 গৰাকীৰ ভিতৰত 7 জন যুৱকক বিহালী আৰক্ষী থানাৰ অন্তৰ্গত জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে 2 গৰাকী যুৱতীক বৰগাং মডেল চিকিৎসালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত
থকাৰ ব্যৱস্থা কৰে প্ৰশাসনে ।

লগতে পঢ়ক: বাঘজান গেছ-পাইপলাইন বিস্ফোৰণঃ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীলৈ ফোন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.