ETV Bharat / state

মোনাবাৰী বাগিচাৰ শ্ৰমিকক চাউল বিতৰণ ৰঞ্জিত দত্তৰ - asia's second largest tea garden

এছিয়া দ্বিতীয় বৃহৎ চাহ বাগিচা হিচাপে পৰিগণিত মোনাবাৰী চাহ বাগিচাত শ্ৰমিকৰ খাদ্য সামগ্ৰীৰ নাটনি। 4000 শ্ৰমিকক খাদ্য যোগান ধৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই ৷

ASSAM MINISTER RANJIT DUTTA DISTRIBUTED RICE IN MUNABARI TEA ESTATE

author img

By

Published : Apr 9, 2020, 7:38 PM IST

বিশ্বনাথ, 9 এপ্ৰিল : সমগ্ৰ দেশতে অব্যাহত আছে লক্ ডাউন । ২১ দিনীয়া লক্ ডাউনৰ ফলত একাংশ দৰিদ্ৰ লোকে এতিয়া এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ আনহাতে লক্ ডাউনৰ সময়চোৱাত ভাৰতবৰ্ষ তথা অসমতো উদ্যোগ সমূহ বন্ধ হৈ থকাত এতিয়া একাংশ দৰিদ্ৰ শ্ৰমিকৰ মাজতো খাদ্য সংকটে দেখা দিছে ৷

ASSAM MINISTER RANJIT DUTTA DISTRIBUTED RICE IN MUNABARI TEA ESTATE
এছিয়া দ্বিতীয় বৃহৎ মোনাবাৰী চাহ বাগিচা
অসম আন আন ঠাই লগতে বিশ্বনাথতো এতিয়া চাহ কোম্পানীৰ বাগিচাৰ লগতে কলঘৰসমূহ বন্ধ হৈ পৰাত চাহ বাগিচাৰ শ্ৰমিক সকলে খাদ্যৰবাবে হাহাকাৰ কৰিছে । এই জটিল সময়ত বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দত্তই ব্যক্তিগতভাৱে মোনাবাৰী বাগিচাখনৰ প্ৰায় ৪ হাজাৰ শ্ৰমিকক ১৫ টন চাউল প্ৰদান কৰে ।
মোনাবাৰী বাগিচাৰ শ্ৰমিকক চাউল বিতৰণ ৰঞ্জিত দত্তৰ

আনহাতে চাহ বাগিচাৰ পৰিচালকগৰাকীয়ে প্ৰকাশ কৰে যে, এই বিপদৰ সময়ত শ্ৰমিক সকলক উপযুক্ত প্ৰাপ্য মজুৰী সময়ত দিব পৰা নাই ৷ যিহেতু চাহ বাগিচাত এই সময়চোৱাত কল ঘৰ বন্ধ হৈ থকাৰ বাবে উৎপাদন কাৰ্য স্থগিত ৰাখিব লগীয়া হৈছে ৷ তেনে সময়ত মন্ত্ৰী গৰাকীয়ে শ্ৰমিক সকলক খাদ্য-সামগ্ৰী আগবঢ়াই যথেষ্ট উপকৃত কৰিছে বুলি মন্তব্য কৰে পৰিচালকগৰাকীয়ে ৷
লগতে পঢ়ক : নিজামুদ্দিনলৈ নগ'লে অসমত লকডাউনৰ প্ৰয়োজন নহ'ল হেতেন: ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.