ETV Bharat / state

Panchayat Election in Assam : পঞ্চায়তৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ - অসম ৰাজ্যিক নিৰ্বাচন আয়োগ

পঞ্চায়তৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ ৷ ২৮ আগষ্টৰ পৰা ১২ ছেপ্টম্বৰৰ ভিতৰত অনলাইনযোগে দাখিল কৰিব পাৰিব দাবী আৰু আপত্তিসমূহ ৷ এই কথা সদৰী কৰিছে বিশ্বনাথৰ নিৰ্বাচনী বিষয়াগৰাকীয়ে ৷

Panchayat Election in Assam
সমাগত পঞ্চায়ত নিৰ্বাচন
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 7:02 AM IST

বিশ্বনাথ, ২৬ আগষ্ট : সমাগত পঞ্চায়ত নিৰ্বাচন ৷ এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে শুকুৰবাৰে (২৫ আগষ্ট, ২০২৩) ৰাজ্যৰ পঞ্চায়তসমূহৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা অনলাইনযোগে প্ৰকাশ কৰে । সেই অনুসৰি বিশ্বনাথ মহকুমাৰ অন্তৰ্গত গাঁওপঞ্চায়তসমূহৰো ফটোযুক্ত খচৰা ভোটাৰ তালিকা শুকুৰবাৰে অনলাইনযোগে প্ৰকাশ কৰা হয় ।

উল্লেখ্য যে, ১ জানুৱাৰী, ২০২৩ ক ভিত্তি বৰ্ষ ৰূপে লৈ প্ৰকাশ কৰা এই ফটোযুক্ত খচৰা ভোটাৰ তালিকাসমূহ বৰ্তমান অসম চৰকাৰৰ ‘‘https://ermssec.assam.gov.in’’ ৱেবছাইটত উপলব্ধ কৰা হৈছে । বিশ্বনাথৰ নিৰ্বাচনী বিষয়াই এক বিবৃতি যোগেদি শুকুৰবাৰে এই কথা সদৰী কৰে ।

নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, এই ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিবৰ বাবে অসম চৰকাৰৰ নিৰ্দ্ধাৰিত ৱেবচাইটত ক্লিক কৰি নিৰ্ধাৰিত সময়ৰ মাজেৰে গৈ ভোটাৰ তালিকাৰ প্ৰতিলিপি ডাউনলোড কৰিব পাৰিব ।

পঞ্চায়তৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকাৰ পি.ডি.এফ. (PDF ভোটাৰ তালিকা) ডাউনলোড কৰিবলৈ ভোটাৰসকলে অসম চৰকাৰৰ নিৰ্দ্ধাৰিত ৱেবছাইটটোলৈ গৈ প্ৰথমে জিলা/ মহকুমা (সদৰ) নাম বাচনি কৰিব লাগিব । তাৰ পাচত জিলা পৰিষদ সমষ্টিৰ নাম বাচনি কৰিব লাগিব আৰু পিচত গাঁও পঞ্চায়তৰ নাম বাচনি কৰাৰ লগে লগে ৱাৰ্ডৰ নাম বাচনি কৰিব লাগিব । পৰৱৰ্তী পৰ্যায়ত ভোটগ্ৰহণ কেন্দ্ৰৰ নাম বাচনি কৰি ফটোযুক্ত খচৰা ভোটাৰ তালিকা ডাউনলোড কৰিব পাৰিব ।

ইয়াৰোপৰি ভোটাৰসকলে জিলা/ মহকুমা (সদৰ)ৰ নাম বাচনি কৰি তাৰ পিচত এপিক (EPIC) নম্বৰ অন্তৰ্ভুক্ত কৰি নিজৰ নাম বিচাৰিব কৰিব পাৰিব । এই বিষয়ে সবিশেষ জানিবলৈ নিজৰ সমষ্টিৰ সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়া/ নিৰ্বাচন পঞ্জীয়ন বিষয়া/ জিলা আৰু মহকুমা(সদৰ) কাৰ্যালয়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব ৷

লগতে এই সংক্ৰান্তত কোনো দাবী আৰু আপত্তি থাকিলে ২৮ আগষ্টৰ পৰা ১২ ছেপ্টম্বৰৰ ভিতৰত অনলাইনযোগে দাখিল কৰিব পাৰিব বুলি বিশ্বনাথৰ নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Assam cabinet decision: ৰাজ্যত নতুন ৪ খন জিলা সংযোজন; ২৪ টা মহকুমা বিলুপ্ত কৰি ৮১ খন উপ-জিলা গঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.