বিশ্বনাথ ১৫ মে': শনিবাৰে বিয়লি নৱ নিৰ্বাচিত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত হয় গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা বাসগৃহত । বিধায়ক গৰাকীৰ লগতে দলীয় কৰ্মীসকলে মন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে । বিধায়গৰাকীৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সমষ্টিটোৰ ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সমষ্টিটোৰ ৫ টা মণ্ডলৰ সভাপতিৰ সৈতেও মত-বিনিময় কৰে ।
দেশৰ লগতে অসমতো ক'ভিড-১৯ ৰ সংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি পাইছে । ৰাজ্যৰ আন আন জিলাৰ লগতে বিশ্বনাথ জিলাতো বৰ্তমানলৈকে ১০৮০ জন লোকৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি চিনাক্ত হৈছে । শনিবাৰে জিলাখনৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ লোৱাৰ লগতে বিধায়ক উৎপল বৰাৰ বাসগৃহতো উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে জটিল পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ৷
উল্লেখ্য় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰিয়েই ক'ভিডৰ জটিল পৰিস্থিতি পৰ্যালোচনাৰ বাবে নতুন মন্ত্ৰীসকলক জিলাসমূহ ভগাই দিয়ে । সেই অনুসৰি, প্ৰতিখন জিলাৰ দায়িত্বত থকা সংশ্লিষ্ট মন্ত্ৰীসকলে নিজৰ নিজৰ দায়িত্বত থকা জিলাসমূহত উপস্থিত হৈ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছে ।
লগতে পঢ়ক: চিকিৎসক অবিহনেই চলিছে বাক্সাৰ এখন চিকিৎসালয়