বিশ্বনাথ, ২১ মেঃ বিশ্বনাথত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । বিশ্বনাথ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে এই সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰে ৷
বিশ্বনাথৰ উপায়ুক্তৰ চৌহদত স্থাপন কৰা ভোট গণনা কেন্দ্ৰত ২৩ মে'ৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা । উপায়ুক্তগৰাকীয়ে সংবাদমেলত মন্তব্য কৰে যে তেজপুৰ লোকসভা সমষ্টিৰ বিশ্বনাথ জিলাৰ দুটা বিহালী আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ ভোট গণনা হ'ব । আনহাতে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকে উল্লেখ কৰে যে ভোট গণনাৰ সময়ত আৰক্ষীয়ে নিৰাপত্তাৰ ক্ষেত্ৰত সম্পূ্ৰণ তৎপৰ হৈছে ৷
লগতে আন এটা বাতৰি - ভোটগণনাক কেন্দ্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব ম'বাইল