ETV Bharat / state

বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিনক বিদায় সম্বৰ্ধনা

author img

By

Published : Mar 13, 2019, 3:01 AM IST

বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিনক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে।

বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিনক বিদায় সম্বৰ্ধনা

বিশ্বনাথ,12 মাৰ্চঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত মঙলবাৰে আয়োজিত এক বিশেষ অনুষ্ঠানত জিলাখনৰ জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিনক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। দক্ষ প্ৰশাসনিক বিষয়াৰূপে সুনাম থকাৰ লগতে বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্তৰূপে সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰে অসম অসামৰিক সেৱাৰ বিষয়াগৰাকীয়ে। উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বিদায় সভাত বহুকেইগৰাকী বিষয়া-কৰ্মচাৰীয়ে বিদায়ী বিষয়াগৰাকীৰ সান্নিধ্য ৰোমন্থন কৰাৰ লগতে তেওঁৰ গুণৰাজি স্মৰণ কৰে।

বিদায় অনুষ্ঠানত উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে বিভিন্ন বিভাগৰ তৰফৰ পৰা ফুলাম গামোচা, শৰাই আৰু অন্যান্য উপহাৰেৰে বিদায় সম্বৰ্ধনা জনোৱা হয় অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিনক । উল্লেখযোগ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শ্ৰীযুত আমিনক পশ্চিম কাৰ্বি আংলং জিলাৰ অতিৰিক্ত উপায়ুক্তৰূপে বদলি কৰা হৈছে।

বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিনক বিদায় সম্বৰ্ধনা

_ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি আয়োজিত এক বিশেষ অনুষ্ঠানত জিলাখনৰ জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিনক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এগৰাকী দক্ষ প্ৰশাসনিক বিষয়াৰূপে সুনাম থকা অসম অসামৰিক সেৱাৰ বিষয়াগৰাকীয়ে বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্তৰূপে সুদীৰ্ঘ কাল সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰশাসনীয় যিকোনো জটিল সমস্যাৰ তাৎক্ষণিক আৰু বস্তুনিষ্ঠ সমাধানৰ ক্ষেত্ৰত তেওঁৰ দক্ষতা আছিল অতুলনীয়। উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ বিদায় সভাত বহুকেইগৰাকী বিষয়া-কৰ্মচাৰীয়ে বিদায়ী বিষয়াগৰাকীৰ সান্নিধ্য ৰোমন্থন কৰাৰ লগতে তেওঁৰ গুণৰাজি স্মৰণ কৰে। আজিৰ অনুষ্ঠানত উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে বিভিন্ন বিভাগৰ তৰফৰ পৰা তেওঁক ফুলাম গামোচা, শৰাই আৰু অন্যান্য উপহাৰেৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শ্ৰীযুত আমিনক পশ্চিম কাৰ্বি আংলং জিলাৰ অতিৰিক্ত উপায়ুক্তৰূপে বদলি কৰা হৈছে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.