ETV Bharat / state

অসমতে এতিয়াও সুস্থ হৈ আছে এছিয়াৰ বয়স্ক হাতীটো - মাউত

কেনে আছে এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ? হস্তী দিৱসৰ দিনটোত ক'ত আছে এছিয়াৰ ভিতৰতে আটাইতকৈ বয়স্ক জীৱিত হাতীটো ?

world elephanta day
শতবৰ্ষ গৰকাৰ দিশে আগবঢ়িছে বিজুলী
author img

By

Published : Aug 12, 2021, 8:44 PM IST

বিশ্বনাথ,12 আগষ্ট : বিজুলী প্ৰসাদ ! শতবৰ্ষ গৰকাৰ দিশে আগবঢ়িছে বিজুলীয়ে ৷ আমি কৈ থকা এই বিজুলী হৈছে এছিয়াৰ আটাইতকৈ বয়োজ্যেষ্ঠ হাতীটো ৷ যি অসমৰ বাবে গৌৰৱৰ প্ৰতীক ৷

বৃটিছ উপনিবেশৰ সাক্ষ্য বহন কৰা বিজুলী অসমতে এতিয়াও সুস্থ হৈ আছে ৷ বৰ্তমান বিজুলীৰ বয়স 89 বছৰ ৷ সম্প্ৰতি বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী চাহ বাগিছাৰ বাসিন্দা বিজুলী ৷ কৰ্ণাটকৰ চামুন্দা প্ৰসাদৰ মৃত্যুৰ পাচত বৰ্তমান বিজুলী প্ৰসাদেই হৈছে এছিয়াৰ আটাইতকৈ বয়োজ্যেষ্ঠ হাতী ৷

world elephanta day
শতবৰ্ষ গৰকাৰ দিশে আগবঢ়িছে বিজুলী

বৃটিছৰ শাসনকালৰ উইলিয়ামছন মেগৰ টি কোম্পানীৰ পৰিয়ালৰ আভিজাত্যৰ প্ৰতীক আছিল এই হাতীটো ৷

সেয়ে হয়তো বিজুলীৰ ছবি কোম্পানীটোৰ প্ৰতীক চিহ্নত প্ৰতিফলিত হয় ৷ উইলিয়ামছন মেগৰ কোম্পানী গ্ৰুপৰ অধীনৰ বিহালী চাহ বাগিচাৰ পৰিচালক মনোৰঞ্জন তালুকদাৰ তত্বাৱধানত বৰ্তমান পৰিচালিত হৈ আছে বিজুলী ৷ বিজুলীৰ পৰিচৰ্যাৰ বাবদ প্ৰতিমাহে খৰচ হয় ৪০ পৰা ৫০ হাজাৰ টকা ৷

এছিয়াৰ এই বয়োজ্যেষ্ঠ হাতীটোৰ আছে খাদ্যৰ তালিকা ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি, প্ৰতিদিনে হাতীটোক দিয়া হয় 25 কিল’গ্ৰাম চাউল, সম পৰিমাণৰ মাকৈ, গুৰ, বুটমাহৰ লগতে গৰম পানী ৷ প্ৰতি সপ্তাহে বিজুলীৰ স্বাস্থ্য পৰীক্ষাও কৰা হয় ৷

অসমতে এতিয়াও সুস্থ হৈ আছে এছিয়াৰ প্ৰাপ্তবয়স্ক হাতী

এই বয়োজ্যেষ্ঠ হাতীটোৰ বৰ্তমানৰ ওজন 4150 কিল’গ্ৰাম । ইফালে বিজুলীৰ পৰিচৰ্যাৰ বাবে ৰখা হৈছে দুগৰাকী মাউত ৷ বিজুলীৰ লগত আছে সকলোৰে এক আন্তৰিকতা ৷ বৰ্তমানলৈকে হাতীটোৰ কোনো ধৰণৰ আক্ৰমণাত্মক লক্ষণ দেখা নাই ৷

এছিয়া মহাদেশৰ ভিতৰতে বয়স্ক হাতীৰ খিতাপ পোৱা, উইলিয়ামছন মেগৰ কোম্পানীৰ মৰমৰ বিজুলী প্ৰসাদ অসমৰ অন্যতম গৌৰৱৰ প্ৰতীকত ৷ আজি হস্তী দিৱস দিনাই চাহ বাগিচাৰ খনত দেখা গ'ল বিজুলীক পূজা পাতল কৰি সজাই তোলা । ETV Bharat অসম ৰ তৰফৰ পৰাও বিজুলীৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰিলো ৷

লগতে পঢ়ক: আজি বিশ্ব হস্তী দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.