বিশ্বনাথ, 2 ফেব্ৰুৱাৰী : উল্লেখ্য যে, অহা ৭ ফেব্ৰুৱাৰীত ঢেকিয়াজুলীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ সেই অনুষ্ঠানৰ পৰাই বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে । এই সন্দৰ্ভত বিশ্বনাথৰ বিজেপিৰ কাৰ্যকৰ্তা সকলৰ লগত আলোচনা কৰিবলৈ মঙলবাৰে বিশ্বনাথত উপস্থিত হয় শিক্ষা তথা সাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাক ওভতি ধৰি কেইবাটাও কটু সমালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
যোৱা ১০ জানুৱাৰীত অনুষ্ঠিত হোৱা ডি এইচ এছৰ ফাৰ্মাচিষ্ট পৰীক্ষাত অৱতীৰ্ণ পৰিক্ষাৰ্থী সকললৈ এক অসাধু চক্ৰই ফোন কৰি নম্বৰ বঢ়াই দিয়াৰ বাবদ ধন বিচৰাৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ এই ঘটনাটো তদন্তৰ বাবে অসম আৰক্ষীৰ এই উচ্চ পদলস্থ দল এটা ইতিমধ্যে বিহাৰলৈ গৈছে বুলি জানিবলৈ দিয়াৰ লগতে এই অসাধু চক্ৰটোক চিনাক্ত কৰিছে বুলি কয় মন্ত্ৰী গৰাকীয়ে।
আগন্তুক বিধান সভা নিৰ্বাচন 2021 ৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে ৰণ কৌশল ৷ প্ৰত্যেক খন জিলাতেই প্ৰতিটো ৰাজনৈতিক দলে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে ৷ সেই সভাবোৰত প্ৰত্যেকজন নেতাই ইটো দলে আনটো ৰাজনৈতিক দলক কটু সমালোচনা কৰা দেখা গৈছে ৷
" প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ চুনামী আহিব বুলি কোৱা কথাৰ কটাক্ষ কৰি আজি বিশ্বনাথত হিমন্ত বিশ্ব শৰ্মাই কয় যে,"চুনামী সাগৰতহে আহে। চুনামি নদীত নাহে। এই কথা ৰিপুন বৰাই জানিব লাগে। আমিটো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বসবাস কৰো। সাগৰতহে চুনামী আহে, সাগৰৰ কাষত বাংলাদেশ থাকে। গতিকে ৰিপুন বৰাৰ চুনামী বাংলাদেশত হ'ব। আমি নদীৰ পাৰৰ সৰু সুৰা বতাহৰ লগত থাকিম।" প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ চুনামী আহিব বুলি কোৱা কথাৰ কটাক্ষ কৰি আজি বিশ্বনাথত এনেদৰে কয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
লগতে পঢ়ক-ৰাজগড় ব্যৱসায়ী সন্থাৰ “এই মাহৰ অতিথি” অনুষ্ঠানৰ শুভাৰম্ভ