বিশ্বনাথ চাৰিআলি,25জুলাইঃ বিশ্বনাথ জিলাৰ বিভিন্ন বানপীড়িত অঞ্চলৰ ৰাইজৰ সেৱাৰ্থে বিশ্বনাথ জিলা প্ৰশাসনে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে৷ প্ৰায় এপষেক ধৰি বানৰ কবলত পৰা বিশ্বনাথ জিলাৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলৰ ৰাইজৰ স্বাস্থ্য-সম্বন্ধীয় দিশৰ সেৱাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এলানি জনকল্যাণমূলক কাৰ্যসূচী ৷ তাৰেই অংশস্বৰূপে জিলাখনৰ গহপুৰ আৰু বিশ্বনাথ মহকুমাৰ বানপীড়িত এলেকাত বিভিন্ন পৰ্যায়ত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি বানাক্ৰান্ত লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱা হৈছে ৷ বিশেষকৈ বানৰ পাছত হ'ব পৰা সম্ভাৱিত ৰোগৰ প্ৰতিৰোধ আৰু সজাগতা বৃদ্ধিৰ সম্বন্ধে ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখিয়েই ঘাইকৈ এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে ৷ চোৱাগুৰি হাইস্কুলত অনুষ্ঠিত প্ৰথমটো শিবিৰত উপস্থিত থাকি উপায়ুক্তগৰাকীয়ে বানপীড়িত ৰাইজৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে বানপানীৰ পিছত লবলগীয়া সাৱধানতা সম্পৰ্কে সজাগ হবলৈ ৰাইজলৈ আহ্বান জনায় । আনহাতে মহকুমাটোৰ নিজ গড়পাল উপ-কেন্দ্ৰত ২৫ জুলাইত, মধ্য কুমলীয়া মধ্য ইংৰাজী বিদ্যালয়ত ২৬ জুলাইত, জাপৰিগুৰি মছজিদত ২৯ জুলাইত আৰু কাছমাৰি প্ৰাথমিক বিদ্যালয়ত ৩০ জুলাইত পৰ্যায়ক্ৰমে স্বাস্থ্য শিবিৰৰ আয়োজনৰ ব্যৱস্থা কৰা হৈছে । স্বাস্থ্য বিভাগৰ সহযোগত আয়োজিত এই শিবিৰসমূহত ৰোগীসকলৰ মাজত বিনামূলীয়া ঔষধ বিতৰণৰ লগতে ৰক্ত পৰীক্ষাৰ সুবিধাও আগবঢ়োৱা হৈছে ।

