বিশ্বনাথ,7 মাৰ্চ: ২৭ মাৰ্চত অসমত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ ইতিমধ্যে বিজেপি, অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ লগতে কংগ্ৰেছেও ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা ৷ শনিবাৰে প্ৰথম পৰ্যায়ৰ বাবে 40 টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছে ৷
কংগ্ৰেছৰ 40 টা সমষ্টিৰ ভিতৰত গুৰুত্বপূৰ্ণ এটা সমষ্টি গহপুৰ বিধানসভা সমষ্টি ৷ য’ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰতিদ্বন্দিতা আগবঢ়োৱা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দলটোৱে ইতিমধ্যে বৰাৰ প্ৰাৰ্থিত্ব আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৷
বিশ্বনাথ বিধানসভা সমষ্টিত এইবেলি কংগ্ৰেছ দলে নতুন মুখ অঞ্জন বৰাৰ নাম ঘোষণা কৰিছে ৷ বিশ্বনাথ সমষ্টিটোত কংগ্ৰেছৰ ভেটি সবল কাৰণ যোৱা বিধানসভা নিৰ্বাচনত গণ পৰিষদ দলৰ সৈতে একগোট হোৱাত বৰ্তমান বিজেপিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে 10 হাজাৰ ভোটত জয় লাভ কৰিছিল ৷ কিন্তু এইবেলি প্ৰেক্ষাপট কিছু সলনি হোৱাৰ সম্ভাৱনা আছে । কাৰণ এইবাৰ সমষ্টিটো অসম গণ পৰিষদক এৰি দিয়া কথা আছিল যদিও পুনৰ বিজেপিয়ে লোৱাত ক্ষোভিত হৈ পৰিছে এজিপিৰ সদস্যসকল ।
লগতে পঢ়ক- ৰিপ’ৰ্ট কাৰ্ড: চৰাইদেউ জিলাৰ দুটা সমষ্টিৰ বিশেষ বিৱৰণ...