ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিবলৈ চাহ শ্ৰমিকক আহ্বান আটছাৰ - আটছা

অন্ত পৰিল অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা ৷ উক্ত সভাতে 7 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিবলৈ চাহ শ্ৰমিকসকলক আহ্বান জনাই আটছাৰ কেন্দ্ৰীয় নেতৃবৰ্গই ৷ এই সভা দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ কৃষি মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল ৷

All Assam Tea Student Association Press met at biswanath etv bharat news
প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিবলৈ চাহ শ্ৰমিকক আহ্বান আটছাৰ
author img

By

Published : Feb 6, 2021, 8:30 AM IST

বিশ্বনাথ,6 ফেব্ৰুৱাৰী: দুদিনীয়া কাৰ্যসূচীৰে 4 ফেব্ৰুৱাৰীৰ পৰা বিশ্বনাথ কৃষি মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ পৰিষদৰ এক সভা ৷ উক্ত সভাত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ শুকুৰবাৰে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে এই সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে আটছাৰ নেতৃবৰ্গই ৷ এই সংবাদমেলৰ জৰিয়তে 7 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনসভা বৰ্জন কৰিবলৈ আটছাই চাহ শ্ৰমিকসকলক আহ্বান জনায় ৷ তদুপৰি এই সম্পৰ্কে চাহ জনগোষ্ঠীয় ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰিছে সংগঠনটোৰ নেতৃবৰ্গই ৷

আটছাৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা সমাপ্ত

আনহাতে,চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰী 351 টকালৈ বৃদ্ধি কৰাৰ দাবীত 12 ফেব্ৰুৱাৰীত নাজিৰাৰ অ’এনজিচিৰ বিৰুদ্ধে আৰু 13 ফেব্ৰুৱাৰীত ৰাজ্যৰ প্ৰতিটো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে স্মাৰকপত্ৰ প্ৰদানৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে আটছাই ৷ ক্ৰমাগতভাৱে, সংগঠনটোৱে 15 ফেব্ৰুৱাৰীত দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে, 16 ফেব্ৰুৱাৰীত এনআৰএল-ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰে ৷ সংগঠনটোৰ সাধাৰণ সভাখনত প্ৰায় 18 টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে চাওকঃ জে পি নাড্ডাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব কেৰালা আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.