বিশ্বনাথ,24 ফেব্ৰুৱাৰী: মঙলবাৰে বিশ্বনাথত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশ অনুষ্ঠিত হয় । বিশ্বনাথৰ গড়েহাগিৰ কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি অমৃত কুমাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি চিত্ৰ বসুমতাৰী, মহিলা সমিতিৰ উপ-সভানেত্ৰী লাৱণ্য হাজৰিকা, যুটীয়া সম্পাদক জান বৰা, বিশ্বনাথৰ উপদেষ্টা অপূৰ্ব কুমাৰ দাসকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ইপিনে উক্ত সভাতে লুৰিণজোতি গগৈয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে, বিজেপি চৰকাৰ এখন মিছলীয়া চৰকাৰ । চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰি আহিছে । ৰাইজৰ ধনৰ সদ ব্যৱহাৰ নকৰি আঁচনিৰ জৰিয়তে বিজেপিৰ নেতা-কৰ্মীসকলৰ পকেট গৰম হৈছে ৷
লগতে তেওঁ কয় যে, বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে, ১৬ মে’ৰ পিছত বিদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব, অসম চুক্তি প্ৰতিটো দফা কাৰ্যকৰী কৰিব, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিব, বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব, নিবনুৱা যুৱক-যুৱতীক চাকৰি দিব, দুৰ্নীতিমুক্ত অসম গঢ়িব ইত্যাদি ৷ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইবাৰ অসমৰ ৰাইজে বিজেপিৰ পৰা বিচাৰিব বুলি নেতাগৰাকীয়ে দাবী কৰে ৷ স্বাভিমানী অসমৰ জনগণৰ হৃদয়ত বিজেপিয়ে স্থান হেৰুৱাইছে বুলি কোৱাৰ লগতে নাগৰিকত্ব সংশোধনী আইন জাপি দিয়াৰ পাছত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বিপক্ষে এইবাৰ অসমৰ জনতাই ২০২১ ৰ নিৰ্বাচনত ভোটদান কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে দলটোৰ সভাপতিগৰাকীয়ে ।
লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান