ETV Bharat / state

তিনিটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলিৰে কৃষকৰ মুখত হাঁহি বিৰিঙাইছে বিশ্বনাথ জিলা কৃষি বিভাগে

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 9:10 AM IST

ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন বিশ্বনাথ জিলাত ৷ গড়েহাগীত অৱস্থিত ধান ক্ৰয় কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে ৷ মধ্যভোগী চক্ৰৰ বিৰুদ্ধে সষ্টম জিলা প্ৰশাসন ৷

three paddy procurement centres in Biswanath
তিনিটাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলি

বিশ্বনাথ, 2 ডিচেম্বৰ: বিশ্বনাথ জিলাৰ কৃষকৰ সুবিধা তথা লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগৰ অধীনত শুকুৰবাৰে উদ্বোধন কৰা হয় এটা ধান ক্ৰয় কেন্দ্ৰ ৷ বিশ্বনাথ জিলাৰ গড়েহাগী গাঁৱত উদ্বোধন কৰা হয় ধান ক্ৰয় কেন্দ্ৰটো ৷ অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত গড়েহাগীত ধান ক্ৰয় কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে ৷ এই শুভাৰম্ভ অনুষ্ঠানটিত উপস্থিত থাকে জিলা কৃষি বিষয়া বাণেশ্বৰ বে’ আৰু বিশ্বনাথ মহকুমা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ ।

উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে কৃষকক ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ধান বিক্ৰী কৰি ধানৰ উচিত মূল্য লাভ কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে জিলাখনৰ প্ৰগতিশীল কৃষক তপন বৰাৰ পৰা ধান ক্ৰয় প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হয় । জিলা কৃষি বিষয়াই উপস্থিত কৃষক ৰাইজক উদ্দেশ্যি কয় যে খাৰিফ বতৰত অসমৰ ধানৰ নুন্যতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2183/- টকা ধাৰ্য কৰা হৈছে আৰু কৃষকে নিৰ্দিষ্ট প্ৰ-পত্ৰৰ যোগেদি গাওঁ প্ৰধানৰ চহী লৈ স্থানীয় কৃষি উন্নয়ন বিষয়াৰ যোগেদি ধান ক্ৰয়ৰ বাবে আৱেদন কৰিব পাৰিব । লগতে কৃষকক প্ৰৱঞ্চনা কৰি কোনো দালাল বা মধ্যভোগী চক্ৰই যাতে কম মূল্যত ধন ক্ৰয় কৰিব নোৱাৰে তাৰ প্ৰতি বিশ্বনাথ জিলা প্ৰশাসন সদায় সষ্টম হৈ আছে বুলি উল্লেখ কৰে ।

উক্ত অনুষ্ঠানত মেডিয়া বিশেষজ্ঞ কৃষ্টি বৰা, যোগান বিভাগৰ মঞ্জিত ভূঞাকে আদি কৰি বিভাগটোৰ অন্যান্য বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ভালেসংখ্যক ৰাইজ উপস্থিত থাকে ৷ সভাৰ সমান্তৰালভাৱে চতিয়া কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত পতীয়া গাঁৱত আৰু গহপুৰ কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত মাগনি গাঁৱত অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত আন দুটাকৈ ধান ক্ৰয় কেন্দ্ৰৰো শুভাৰম্ভ কৰা হয় ।

লগতে পঢ়ক: Assam Agriculture Department: সংশ্লিষ্ট বিভাগৰ বদান্যতাত প্ৰশিক্ষণ কেন্দ্ৰই ৰূপ পালে গুদাম ঘৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.