ETV Bharat / state

AASU Protest Against Price Hike: মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আছুৰ - Price Hike in Assam

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মঙলবাৰে বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৷ নগাঁৱতো অত্যাবশ্যকীয় সামগ্ৰী, বিদ্যুতৰ মাচুল আৰু টোল কৰ বৃদ্ধিৰ বিৰুদ্ধে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সন্থাৰ সদস্যসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে (AASU Protest Against Price Hike) ৷

AASU Protest Against Price Hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিশ্বনাথ আৰু নগাঁৱত আছুৰ প্ৰতিবাদ
author img

By

Published : Apr 26, 2023, 10:45 AM IST

আছুৰ প্ৰতিবাদত কঁপিল বিশ্বনাথ আৰু নগাঁও

বিশ্বনাথ/নগাঁও, 26 এপ্ৰিল : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে ৰাজ্যৰ সাধাৰণ জনতাক ৷ এনে সময়ত দাম নিয়ন্ত্ৰণৰ পৰিৱৰ্তে জনস্বাৰ্থলৈ পিঠি দি পুনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে ৰাইজ (Price Hike in Assam) ৷ জনস্বাৰ্থৰ প্ৰতি উদাসীন চৰকাৰৰ এই দাম বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷ মঙলবাৰে ৰাজ্যজুৰি আছুৰ আহ্বানত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, ৰন্ধন গেছ, বিদ্যুত মাচুল আৰু টোল কৰ বৃদ্ধিৰ বিৰুদ্ধে ৰূপায়ণ কৰা হয় তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী (AASU Protest Against Price Hike) ৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মঙলবাৰে বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সমূহ আঞ্চলিক ছাত্ৰৰ সহযোগত জিলা শ্বহীদ ভৱনৰ পৰা পুলিচ পইন্টলৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে আছু কৰ্মীসকলে ৷ এই কাৰ্যসূচীত আছু বিশ্বনাথ জিলাৰ সভাপতি বিক্ৰম বিকাশ বৰা, উপ সভাপতি আজমৰ শ্বেখকে ধৰি মহকুমা,আঞ্চলিকৰ বহু আছু নেতাই অংশগ্ৰহণ কৰে (AASU Protest Against price Hike in Biswanath) ৷

সমান্তৰালভাৱে নগাঁৱতো অত্যাৱশ্যকীয় সামগ্ৰী, বিদ্যুতৰ মাচুল আৰু টোল কৰ বৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সন্থাৰ সদস্যসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এই কাৰ্যসূচী ৰূপায়ণ কৰি জিলা ছাত্ৰ সন্থাই চৰকাৰক শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় ৷ ছাত্ৰ সন্থাৰ সদস্যসকলে মূল্যবৃদ্ধি ৰোধ কৰক, টোল কৰ বৃদ্ধি বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায়, যোগান মন্ত্ৰী ৰঞ্জিত দাস হায় হায়, আছু জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে (AASU Protest Against price Hike in Nagaon) ৷

এই বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গৌৰী শংকৰ শইকীয়া, ভাৰপ্ৰাপ্ত সভাপতি তুলেন্দ্ৰ পাতৰ, নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কংকন জ্যোতি বৰুৱাৰ লগতে শতাধিক ছাত্ৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে (AASU Protest Against price Hike across Assam) ৷

লগতে পঢ়ক: Formalin detection in Fish: মাছৰ নামত বৰবিহ ! নগাঁও কলেজৰ অধ্যয়নত উদ্বেগকজনক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.