ETV Bharat / state

গহপুৰত 'কা' বিৰোধিতাৰে বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ৰাজ্যত পুনৰ প্ৰতিবাদৰ ঢৌ । গহপুৰত জাতি ধ্বংসী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থা ।

author img

By

Published : Dec 12, 2020, 6:20 PM IST

বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল গহপুৰ

বিশ্বনাথ, ১২ ডিচেম্বৰ : শনিবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গহপুৰৰ মহকুমা শ্বহীদ ভৱনৰ সন্মুখত গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই । 'কা' আৰু চৰকাৰ বিৰোধী শ্ল'গানেৰে গহপুৰৰ আকাশ বতাহ উত্তাল কৰি তোলে । ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত কেইবাটাও সংগঠনে অংশগ্ৰহণ কৰে ।

খিলঞ্জীয়া অসমীয়ালৈ ভাবুকি কঢ়িয়াই অনা এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি প্ৰাণ হেৰুওৱা ৫ জন শ্বহীদৰ ত্যাগক স্মৰণ কৰি পূৰ্বতকৈও প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে । লগতে নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যেই মানি নলয় বুলিও স্পষ্ট কৰি দিয়ে ।

উল্লেখ্য যে, ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ হৈছিল ৰাজ্যত । দি বাগৰি গ'লেও অসমৰ ৰাইজে পাহৰি যোৱা নাই 'কা' আন্দোলনৰ সময়ৰ ভয়াৱহ পৰিস্থিতিৰ কথা আৰু ৫ জনকৈ শ্বহীদৰ ত্যাগৰ কথা ।
লগতে পঢ়ক:ৰাজ্যত পুনৰ তীব্ৰতৰ হৈ উঠিছে 'কা' বিৰোধী আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.