বিশ্বনাথ, 9 নৱেম্বৰ: অমৃত মহোৎসৱ, অমৃত কলহ যাত্ৰা, অমৃত বৃক্ষ ৰোপন আদিৰে এইখন চৰকাৰে দেশত সৃষ্টি কৰিছে এক অমৃত যুগৰ ৷ কেউফালে অমৃতেই অমৃত, সুখেই সুখ ৷ দুখ-কষ্ট এই শব্দবিলাক যেন দূৰতে বিদূৰ হ’ল ৷ ঠিক সৰুতে আপুনি পঢ়া সেই কবিতাটোৰ দৰেই লাগে কথাবোৰ শুনি, ঘৰে ঘৰে ৰং ধেমালিৰ হাট ঘৰে ঘৰে হাঁহি মুখ, ঘৰে ঘৰে ভাল চেনেহা চেনেহী ঘৰে ঘৰে দেখোঁ সুখ ৷
বিজ্ঞাপনৰ চমক, পথৰ কাষৰ ডাঙৰ ডাঙৰ হ’ৰ্ডিং-বেনাৰ, শাসকীয় দলৰ বৰ-বৰ নেতাৰ পৰা ঢেমাধৰালৈকে সকলোৱে দিয়া উন্নয়নৰ শ্ল’গান আদিয়ে মুহূৰ্ততে এনে এখন ছবি মানুহৰ মনত আঁকি দিয়ে, যেন কেউফালে বতাহ বলিছে উন্নয়নৰ, পোহৰ বিপয়পিছে বিকাশৰ ৷ কিন্তু আমি যি বৰ্ণনা দিব খুজিছোঁ, সেয়া দেখি-শুনি আপুনিও ক’ব অমৃতময় এই মধুৰতম সময়ত এয়া কি ?
অনগ্ৰসৰ এটা অঞ্চল ৷ য’ত মানুহে বাস কৰে ঠিক আদিম মানৱৰ দৰে ৷ নাই বাট-নাই ঘাট, নাই আঁচনি-নাই বিশুদ্ধ খোৱাপানী ৷ অভাৱৰ অভাৱ নাই এইখন অসমৰে এটা অঞ্চলত ৷ উন্নয়নৰ হাঁড়ে-ছালে লগা অৱস্থা এগৰাকী বিজেপি বিধায়কৰ সমষ্টিত ৷ ডবল ইঞ্জিন লগাই চৰকাৰ চলোৱা বিজেপি দলৰে বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ৭৬ নং বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত এখন গাঁৱত উন্নয়ন নিৰুদ্দেশ ৷
বিধায়ক বৰঠাকুৰৰ ঘৰৰ পৰা ১৫ কিলোমিটাৰ দূৰৈত অসম-অৰুণাচল সীমান্তত থকা ধূলি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ তিনিচুকীয়া নামৰ গাঁওখনলৈ আহিলে উন্নয়নৰ ধাৰণা সলনি হৈ যাব আপোনাৰ ৷
যি সময়ত জলজীৱন মিছনৰ জৰিয়তে চৰকাৰে ৰাইজক ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ ব্যৱস্থা কৰিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত উৰুখা পঁজাৰ সলনি থাকিবলৈ এখন সুন্দৰ ঘৰ দিয়াৰ কথা কৈছে, 24 ঘন্টাই বিজুলী যোগানৰ কথা কোৱা হৈছে, শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধনৰ দাবী কৰা হৈছে, তেনে সময়তে উল্লিখিত সকলোবোৰ সুদূৰ পৰাহত ৰৈছে এইগাঁওখনৰ পৰা ৷
বিশুদ্ধ খোৱাপানী নাই, ঘাঁহ-বনেৰে আবৃত মাটিৰ কুঁৱাৰ পৰা ৰাইজে পানী খায়, পকীঘৰ নাই, জুপুৰী ঘৰতেই কটাবলগীয়া হৈছে জীৱন, নদীৰ ওপৰত নাই দলং, যি এখন সাঁকো আছিল তাকো উটি গ’ল বানত ৷ দাৰিদ্ৰতাৰ জীয়া ছবি এখন জিলিকি উঠে এই গাঁওখনত ৷
নাই, নাই আৰু নাই, গাঁওখনত সঁচাকৈয়ে উন্নয়নৰ ছাঁটোও পাবলৈ নাই ৷ এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত গাঁওখনৰ লোকসকল ৷ নাই চিকিৎসালয়ৰ সুবিধা, বেমাৰ-আজাৰ হ’লে মৰণৰ বাহিৰে গত্যন্তৰ নাই ৰাইজৰ ৷ শিক্ষাৰ নামত আছে এখন মাত্ৰ প্ৰাথমিক বিদ্যালয় ৷ বিধবা পেন্সন, বৃদ্ধ পেন্সন, অৰুণোদয় এইবোৰ নাম গাঁওখনৰ মহিলাসকলে শুনিছেহে, আজিলৈকে কিন্তু সুবিধা লাভ কৰা নাই ৷ অনাময়ৰো নাই সুব্যৱস্থা ৷
গাঁওখনৰ মাজেৰে মাজুলিগড়লৈ যোৱা পথটো, মদনপুৰৰ পৰা মাজুলিগড়লৈ যোৱা পথছোৱা, বৰপথাৰলৈ যোৱা পথটো, সাকোমঠালৈ যোৱা পথটো কোনটোৰ কথা শুনিব আপুনি ৷ আটাইকেইটা পথেই জৰাজীৰ্ণ ৷ সুচল পথৰ অভাৱত সুৰুকীয়া পথেৰে আহ-যাহ কৰে লোকসকলে ৷
আশ্বৰ্যজনক কথা যে দাৰিদ্ৰতাৰ কবলত পৰি শিশুসকলেও শ্ৰম কৰিব লগা হয় এইখন গাঁৱত৷ তিনিচুকীয়া গ্ৰান্টৰ ৰাইজ আজি সৰ্বতোদিশে অবহেলিত, নিষ্পেষিত, শোষিত ৷ অমৃত যুগত এইসকল ৰাইজে কৰিছে হাহাকাৰ ৷ কিন্তু মাত্ৰ 15 কিঃমিঃ দূৰৈত থকা বিধায়ক নিৰ্বিকাৰ ৷ উন্নয়নশূন্য এই গাঁওখনৰ ৰাইজলৈ নিৰ্বাচন আহিলেহে মনত পৰে জনপ্ৰতিনিধিৰ ৷ কেতিয়া উন্নয়নৰ বেলি উদয় হ’ব এই গাঁৱত, সেয়া ৰাইজ বাদেই জনপ্ৰতিনিয়েও হয়তো নাজানে ৷ এনেদৰেই অমৃত যুগত অমৃতৰ সোৱাদ লৈছে এই গাঁৱৰ ৰাইজে ৷
লগতে পঢ়ক: cattle theft at Bokakhat : গোহালিতো সুৰক্ষিত নহয় গৰু, চোৰে লৈ গ’ল চাৰিটা