বিশ্বনাথ, ২৬ মে': বিশ্বনাথ জিলাৰ বালিচাং আদৰ্শ চিকিৎসালয়ত বুধবাৰে ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা উপ সভাপতি ডাঃ ৰঞ্জন গগৈৰ নেতৃত্বত এটা দল উপস্থিত হয় । উপস্থিত হৈ দলটোৱে কভিড-১৯ আক্ৰান্ত ৰোগীৰ সকলৰ সৈতে মত বিনিময় কৰা লগতে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চ তথা চিকিৎসাকৰ্মী সকলৰ পৰা পৰিস্থিতি সম্পৰ্কে বুজ লয় ৷
ইফালে, চিকিৎসালয়খনত খাদ্য,পানী, প্ৰয়োজনীয় ঔষধ যাৱতীয় ব্যৱস্থা ওপৰত গুৰুত্ব প্ৰদান কৰে বিজেপিৰ বিশ্বনাথ জিলা প্ৰতিনিধিৰ দলটোৱে ৷ লগতে ক'ভিড ৰোগী সকলে যাতে কোনো অসুবিধা সন্মুখীন নহয় তাৰ প্ৰতি গুৰুত্ব দিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক অনুৰোধ জনায় ।
উল্লেখ্য যে, ক'ভিড আক্ৰান্ত সকলক সকলো ধৰণৰ সহায় সহযোগিতা আগঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিজেপি দলটোৱে। দলটোত থাকে বিজেপি বিশ্বনাথ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাতুল নাথ আৰু সাকমঠা মণ্ডল যুৱ মৰ্চাৰ সভাপতি ৰূপম নাথ ৷
লগতে পঢ়ক :24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ